‘৪৫ কোটি টকাৰ সন্ধান পোৱা গৈছে, ১০০ কোটি টকাৰ ই এক অংশ’: কেজৰিৱালৰ কাৰাগাৰৰ জিম্মা বৃদ্ধি কৰাৰ অনুৰোধ জনাই ক’লে ইডিয়ে…

দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে দিল্লীৰ আদালতে। বৰ্তমান কেজৰিৱাল তিহাৰৰ ২ নম্বৰ কাৰাগাৰত বন্দী হৈ আছে।১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। আদালতৰ এই নিৰ্দেশৰ পিছতে ২ জুনত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

বুধবাৰৰ শুনানিৰ সময়ত আদালতে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধিৰ কাৰণ জানিব বিচাৰে। ইয়াৰ উত্তৰত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অধিবক্তাই কয় যে বিনোদ চৌহানে গোৱা নিৰ্বাচনৰ বাবে অভিষেক বয়নপালীৰ জৰিয়তে কে কবিতাৰ ব্যক্তিগত সহায়কৰ পৰা ২৫ কোটি টকা পাইছিল বুলি বাতৰি প্ৰকাশ পাইছে৷ তদন্তকাৰী বিষয়াই আদালতত কয় যে এই ২৫ কোটি টকা ১০০ কোটি টকাৰেই অংশ আৰু এতিয়ালৈকে তেওঁলোকে ৪৫ কোটি টকাৰ সন্ধান পাইছে। তদন্তকাৰী বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে বিনোদ চৌহানৰ বিৰুদ্ধে এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰু চলিত মাহৰ শেষৰ ফালে তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব। মে’ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ১৭ মে’ত অভিযোগনামা দাখিল কৰিছিল।ইডিৰ গোচৰত প্ৰাক্তন মন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি ৩৮জন লোকক অভিযুক্ত কৰা হৈছে।

Related Articles