Breaking

আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ-৮ অভিযান আৰম্ভ কৰিলে ভাৰতে…

0 27

আশা কৰা মতেই ভাৰতে আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে। স্ক’ৰব’ৰ্ডত ডাঙৰ ৰান নথকাৰ পাছতো ৰোহিত বাহিনীয়ে মূলতঃ বুমৰাহৰ দমনীয় বলিং শক্তিৰে আফগানিস্তানৰ বেটিঙক চাপত ৰাখি সহজ জয় কাঢ়ি আনে৷
টছত জয়ী হৈ ৰোহিত শৰ্মাই বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মেচখনৰ তৃতীয় অভাৰৰ পঞ্চম বলত যেতিয়া তেওঁ আউট (৮) হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল মাত্ৰ ১১ ৰান। ধাৰণা হৈছিল প্ৰথমে বেটিং নকৰাটোৱেই ভাল আছিল! কিন্তু পন্থে আহি খৰধৰকৈ খেলখন ঘূৰাবলৈ আৰম্ভ কৰিলে।

আই পি এলত প্ৰচুৰ ৰান সংগ্ৰহ কৰিলেও বিৰাট কোহলীয়ে এই প্ৰতিযোগিতাত এতিয়াও ৰান কৰিব পৰা নাই। ছুপাৰ এইটৰ মেচ আৰম্ভ হোৱাৰ লগে লগে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এই বিশ্বকাপত তেওঁৰ বেটৰ পৰা এই খেলখনত প্ৰথম ছয়টো পোৱা গ’ল। কিন্তু শেষত ২৪ ৰান কৰি লং অফত উঠাই মাৰিবলৈ গৈ ধৰা পৰে। কোহলীৰ ষ্ট্ৰাইৰ ৰেটো আছিল এশ শতাংশ।

Leave A Reply

Your email address will not be published.