দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি…

দিল্লী আবকাৰী কেলেংকাৰী গোচৰৰ অভিযুক্ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে ৰাউজ এভিনিউ আদালতে। কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধিৰ নিৰ্দেশ দিছে ন্যায়াধীশ ন্যায় বিন্দুৱে।ইয়াৰ উপৰিও কেজৰিৱালৰ নিয়মীয়া জামিন আবেদনৰ শুনানি ২০জুনতো আদালতে অব্যাহত ৰাখিব।কেজৰিৱালৰ ন্যায়িক জিম্মা শেষ হৈছিল, তাৰ পিচত তেওঁ কভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰা হৈছিল।ইয়াৰ পূৰ্বে ৫ জুনত কেজৰিৱালৰ ৭ দিনীয়া অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল আদালতে।

আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক কেজৰিৱালৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল।ৰায়দানৰ সময়ত কেজৰিৱালৰ অধিবক্তাই তেওঁৰ স্বাস্থ্যকলৈ উদ্বেগ প্ৰকাশ কৰিছিল।তেতিয়া আদালতে কৈছিল যে যেতিয়াই আপোনাৰ কোনো স্বাস্থ্যজনিত চিন্তা হয় তেতিয়াই আপুনি আদালতক অৱগত কৰিব পাৰে।কেজৰিৱালৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত শুনানিৰ সময়ত কেজৰিৱালৰ হৈ হাজিৰ হোৱা অধিবক্তা বিক্ৰম চৌধুৰীয়ে কয় যে কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু বন্দিত্বক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছে।উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ তথ্য দি চৌধুৰীয়ে কয় যে লোক সভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে কেজৰিৱালে নিয়মীয়া জামিনৰ বাবে নিম্ন আদালতত আবেদন দাখিল কৰিব পাৰে।বিক্ৰম চৌধুৰী য়ে কয় যে এই গোচৰত ইডিয়ে ২০২২ চনৰ ২৭ আগষ্টত ইচিআইআৰ পঞ্জীয়ন কৰিছিল আৰু ২০২৪ চনত কেজৰিৱাল গ্ৰেপ্তাৰ হৈছিল।ধন সৰবৰাহ আইনৰ অধীনত আৰু বহু কেইটা গোচৰ তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে।আদালতত বহু অভিযোগ নামা দাখিল কৰা হৈছিল আৰু ইয়াৰে কোনো এটাতে কেজৰিৱালক অভিযুক্ত কৰা হোৱা নাছিল।আনকি চিবিআইয়ে পঞ্জীয়ন কৰা এফআইআৰতো কেজৰিৱালক এতিয়ালৈকে অভিযুক্ত কৰা হোৱা নাই।এই বিষয়ত চিবিআইয়ে ২০২২চনৰ ১৭ আগষ্টত গোচৰ ৰুজু কৰিছিল।উল্লেখ্যযে অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আৱেদন আদালতে ইতিমধ্যে নাকচ কৰিছে।৭ জুনত শুনানিৰ সময়ত ইডিয়ে অৰবিন্দ কেজৰিৱালৰ নিয়মীয়া জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

শুনানিৰ সময়ত কেজৰিৱালৰ হৈ হাজিৰ হোৱা অধিবক্তা এন হৰিহৰণে কৈছিল যে কিছুদিনৰ আগতে ইডিৰ উত্তৰৰ প্ৰতিলিপি আমি পাইছো, এই পদ্ধতিত আমাৰ আপত্তি আছে।ইডিৰ এই পদ্ধতিৰ ওপৰতো আদালতে আপত্তি কৰিছিল, তেতিয়াৰ অতিৰিক্ত চ’লিছিটৰ জেনেৰেল এছভিৰাজুৱে ইডিৰ পক্ষে হাজিৰ হৈ কৈছিল যে কেজৰিৱালৰ বাহিৰেও বহুগোচৰ আছে, যিবোৰ চাব লাগিব।তেতিয়া এনহৰিহৰণে এইবিষয়টো কেৱল গ্ৰীষ্মকালীন ছুটীৰ সময়ত শুনাবলৈ দাবী কৰিছিল।যোৱা ৩০ মে’ত কেজৰিৱালৰ অন্তৱৰ্তীকালীন আৰু নিয়মীয়া জামিন আবেদনৰ শুনানিৰ সময়ত আদালতে ইডিক জাননী জাৰি কৰিছিল।যোৱা ২৯মে’ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ ৭দিনীয়া অন্তৱৰ্তীকালীন জামিন আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰকৰিছিল, যিহেতু কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত ইতিমধ্যে সংৰক্ষিত হৈ আছে।গতিকে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদনৰ মূল আৱেদনৰ লগত কোনো সম্পৰ্ক নাই।আপোনালোকক কওঁ যে ১০মে’ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক ১জুনলৈকে অন্তৱৰ্তীকালীন জামিন দি ২জুনত আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল।২ জুনত আত্মসমৰ্পণ কৰিছিল কেজৰিৱালে।

Related Articles