Breaking

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ…

0 41

গুৱাহাটী লোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত চৰকাৰী কৰ্মচাৰীসকল যথেষ্ট সুখী।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪৬ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু চাৰি শতাংশ বৃদ্ধি পাই ই ৫০ শতাংশত উপনীত হয়। নিয়ম অনুসৰি যেতিয়া ডিয়াৰনেছ এলাৱেন্সৰ হাৰ পঞ্চাশ শতাংশ হয় তেতিয়াহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব লগা হয়।

কেন্দ্ৰীয় বাজেট ১ মাহৰ পিছত দাখিল কৰিব পাৰে। কিন্তু তাৰ আগতে নেচনেল কাউন্সিল (ষ্টাফ চাইড, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে যুটীয়া পৰামৰ্শদাতা সমিতি)ৰ সম্পাদক শিৱ গোপাল মিশ্ৰই অষ্টম দৰমহা আয়োগৰ গঠন সন্দৰ্ভত কেবিনেট সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তাতেই চৰকাৰক অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে।

Leave A Reply

Your email address will not be published.