Breaking

জাগীৰোডৰ বৰভেটীত সুন্দৰৰ পূজাৰী অনুষ্ঠানত পাঁচ গৰাকী সাংস্কৃতিক কৰ্মীক শিল্পী সাধনা বঁটা প্ৰদান…

0 19

জাগীৰোডত অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ, জাগী ভকতগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত বৰভেটি শাখা সমিতি আৰু বৰভেটি নৱজ্যোতি যুবক সংঘৰ আতিথ্যত বিষ্ণু ৰাভা দিৱস উপলক্ষে ‘সুন্দৰৰ পূজাৰী’ অনুষ্ঠান অনুষ্ঠিত কৰে৷ জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হীৰেন শৰ্মাই অনুষ্ঠানটি উদ্বোধন কৰে। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ললিত পাঁচনি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী, জাগী ভকতগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বৰদলৈ, জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক জয়ন্ত সাগৰ শইকীয়া, মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজীৱ চহৰীয়া, উত্তৰণ সন্মিলীত মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে সাংবাদিক হিমু বৰাই আঁত ধৰা অনুষ্ঠানটিত সৈনিক শিল্পীগৰাকীক সুঁৱৰি শিশুসকলে নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰে। উল্লেখযোগ্য যে, ৰাভা দিৱসৰ এই অনুষ্ঠানতে সাংস্কৃতিক জগতত অৱদান আগবঢ়াই অহা অঞ্চলৰ পাঁচ গৰাকীকৈ সাধক ক্ৰমে বাদ্যশিল্পী সত্য প্ৰসাদ ডেকা, শিল্পী তথা কৃষক লাচিত ডেকা, সাংস্কৃতিক কৰ্মী প্ৰদীপ দেউৰী, শিল্পী ৰাতুল চৌধুৰী আৰু সাংস্কৃতিক কৰ্মী তুলসী মান্তাক শিল্পী সাধনা বঁটা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.