Breaking

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন…

0 33

ফুকন নগৰ মহিলা সমিতিৰ ৰাজহুৱা সভা সম্পন্ন।১৬ জুন তাৰিখে পিয়লি ফুকন নগৰ মহিলা সমিতিৰ প্ৰাঙ্গনত এখন মহিলাৰ সভা অনুষ্ঠিত হয় নৱ নিৰ্বাচিত সভাপতি কানন শৰ্মাৰ সভাপতিত্বত। উপস্থিত থাকে অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মা উপ-সভাপতি লীনা বৰুৱা, সম্পাদিকা সুচিত্ৰা কেওঁটসহ সম্পাদিকা হিমাদ্ৰী দাসৰ উপৰিও জিলাৰ সভানেত্ৰী, সম্পাদিকা উপস্থিত থকা সভাৰখনৰ উদেশ্য বাখ্যা কৰে সম্পাদিকা জোনমণি ভট্টাচাৰ্য্যই।


সভাৰ আৰম্ভণিতে পাৰিষদ শ্ৰীযুতা গীতা ঠাকুৰীয়া কলিতাই কয় মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত মহিলা সমিতিৰ অবদান যঠেষ্ট। সভানেত্ৰী গীতা শৰ্মাই মহিলা সমিতিৰ দ্বাৰা সমাজখনক কেনেকৈ আগবঢ়াই নিব পাৰি তাকেই সুন্দৰ বৰ্ণনাৰে প্ৰকাশ কৰে। সুচিত্ৰা কেওঁট বাইদেউই কয় নাৰী প্ৰগতিৰ অন্যতম বাটকটীয়া। চন্দ্ৰ প্ৰভা শইকীয়ানীয়ে গাঁৱে গাঁৱে সভা সমিতি পাতি উদাত্ত কণ্ঠে ভাষণ দি জীলাই জীলাই মহিলা সমিতি প্ৰতিষ্ঠা কৰি নাৰী সকলৰ মনত এক জাগৰণৰ সৃষ্টি কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় সংস্কৃতি বৰ ভেটি অসম কামৰূপ মহানগৰ সভাপতি গীতিকা দেবীয়ে ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে যে মহিলা হ’ল সমাজৰ চালিকা শক্তি। মহিলা সকলে ঘৰৰপৰা বাহিৰত বিভিন্ন পৰিস্থিতিৰ পৰিবৰ্তন কৰিব পাৰে। আধ্যাত্মিক ভাৱত সেৱাৰ মনোভাৱেৰে পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি সমাজ সংস্কাৰৰ কামত নিজকে নিয়োজিত কৰিবলৈ প্ৰয়াস কৰিবপাৰে। ভূমিকা শৰ্মা চাহাই বৰগীত পৰিবেশন কৰা অনুস্থানত লীনা বৰুৱাই মহিলা সমিতিৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.