Breaking

লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি বিজেপিৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক, কংগ্ৰেছৰ অসন্তুষ্টি প্ৰকাশ…

0 31

মোদী মমন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকাল আৰম্ভ হৈছে। ২৪ জুনৰ পৰা হ’লগীয়া লোকসভাৰ প্ৰথম অধিৱেশনতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হ’ব। লোকসভাৰ এগৰাকী নতুন অধ্যক্ষ নিযুক্তি নিদিয়ালৈকে কটকৰ সাতটা কাৰ্যকালৰ সাংসদ ভৰত্ৰুহাৰী মাহতাবক লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাবে নিযুক্তি দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। কিন্তু লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তিকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছে। কংগ্ৰেছে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰে কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য তথা আঠটা কাৰ্যকালৰ সাংসদ কোডিকুন্নিল সুৰেশক সন্মান প্ৰদান কৰিব লাগিছিল। কাৰণ লোকসভাৰ প্ৰ’টেম অধ্যক্ষ সাধাৰণতে লোকসভাৰ সৰ্বাধিক কালৰ সাংসদগৰাকীক প্ৰদান কৰাটো এক পৰম্পৰা। ইপিনে লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি সন্দৰ্ভত ৰিজিজুৱে কয় “অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ সংবিধানৰ ৯৫(১) অনুচ্ছেদৰ অধীনত লোকসভাৰ সদস্য ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দি ৰাষ্ট্ৰপতি আনন্দিত হৈছে।

লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে প্ৰ’টেম অধ্যক্ষৰ সন্মুখত শপত গ্ৰহণ কৰিব।’’ৰিজিজুৱে লগতে কয় যে মাহতাবক সহায় কৰিব ডি এম কে নেতা সুৰেশ, টি.আৰ. বালু, তৃণমূল কংগ্ৰেছ নেতা সুদীপ বন্দ্যোপাধ্যায় আৰু বিজেপি নেতা ৰাধা মোহন সিং তথা ফাগন সিং কুলাষ্টে। কটক লোকসভাৰ আসনৰ পৰা বিজেপিয়ে ভাৰত্ৰুহৰী মাহতাবক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।এক্সৰ এটা পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে নিয়ম অনুসৰি সৰ্বাধিক কাৰ্যকাল সম্পন্ন কৰা সাংসদগৰাকীক সাংসদসকলে শপত গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম দুদিনৰ বাবে প্ৰ’ টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ১৮ সংখ্যক লোকসভাৰ জ্যেষ্ঠ সাংসদ হৈছে কোডিকুন্নিল সুৰেশ (কংগ্ৰেছ) আৰু বীৰেন্দ্ৰ কুমাৰ (বিজেপি), দুয়োগৰাকীয়ে এতিয়া তেওঁলোকৰ অষ্টম কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে। পিছৰগৰাকী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, সেয়েহে আশা কৰা হৈছিল যে কোডিকুন্নিল সুৰেশক প্ৰ’টেম অধ্যক্ষ হিচাবে নিযুক্তি দিয়া হ’ব। ইয়াৰ পৰিৱৰ্তে ৭টা কাৰ্যকালৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

৬টা কাৰ্যকাল বিজু জনতা দলৰ সাংসদ আছিল আৰু এতিয়া বিজেপিৰ সাংসদ।’ ৰমেশ ডাঙৰীয়াই কয়।কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. ভেনুগোপালেও চৰকাৰৰ এে সিদ্ধান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য ২৪ জুনত ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ’ব, ২৫ জুনলৈকে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ/দৃঢ়তা গ্ৰহণ কৰিব।২৬ জুনত অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

Leave A Reply

Your email address will not be published.