কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ গহপুৰৰ এজন যুৱক…

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰে’ল ষ্টেচনৰ পৰাই নিৰুদ্দেশ হ’ল গহপুৰৰ বাগৰ পথাৰৰ এজন যুৱক। যাদৱ দাস নামৰ যুৱক গৰাকী একে গাঁৱৰে কেইজনমান যুৱকৰ লগত বাংগালুৰুলৈ গৈছিল।পিছে যাদৱ দাস বিশাখাপট্টনম ষ্টেচনত ট্ৰেইনৰ পৰা অকনমান সময়ৰ বাবে নামি গৈছিল, তাৰ পিছৰে পৰা যুৱকজন নিৰুদ্দেশ হৈ পৰে।

যোৱা ১৭ জুনৰ পৰা সন্ধানহীন যুৱকজন। পৰিয়ালৰ লোক এতিয়া চিন্তিত। আৰক্ষীক বিষয়টো অৱগত কৰিছে যদিও আজিলৈকে যুৱকজনৰ কোনো সন্ধান নাই।

Related Articles