সৰুৰে পৰা মোবাইল চোৱাৰ অভ্যাসে চকুৰ দৃষ্টিশক্তি বেয়া কৰে। আনহাতে ক’ৰনা আৰু লকডাউনৰ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহত চলিছিল অনলাইন ক্লাছ। শিশুৱে প্ৰায়ে চকুৰে সমস্যা বুজি নাপায়। বহু সময়ত চকু টিপিয়াই চাবলৈ চেষ্টা কৰে। এটা চকুৰ সমস্যা হ’লে মগজুৱে সেই চকুৰ সলনি আনটো চকুৰে চাবলৈ জোৰ দিয়ে। লগতে চকুত চাপ পৰে।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/06/young-boy-holding-glasses-in-front-of-face-960x640-1.jpg)
আজিকালি ল’ৰা-ছোৱালীয়ে বিশেষকৈ খাদ্য খোৱাৰ সময়ত মোবাইল ফোন চোৱাটো অভ্যাসত পৰিণত হৈছে। কেতিয়াবা শিশুসকলক মনে মনে ৰাখিবলৈ মোবাইল ফোন দিয়া হয়।ইয়াৰ লগতে শিশুসকলৰ বাহিৰলৈ ওলাই গৈ খেলা-ধূলা বা দিনৰ পোহৰৰ কাম-কাজৰ প্ৰৱণতাও কমিছে। যাৰ ফলত চকুৰ শক্তি অলপ কমিছে।
ল’ৰা-ছোৱালীক ম’বাইলৰ সৈতে নহয়, কিতাপৰ সৈতে পৰিচয় কৰাই দিয়া উচিত। ঘৰত খেলিবলৈ দিব লাগে। গতিকে, যিকোনো পৰ্দা চোৱা কম কৰিব পাৰি। সেয়াই প্ৰাপ্তবয়স্কৰ দায়িত্ব। কিন্তু আজিকালি শিশুক পৰ্দাৰ পৰা আঁতৰাই ৰখাটো একেবাৰেই সম্ভৱ নহয়, গতিকে মোবাইলৰ সলনি টিভিত কাৰ্টুন বা কিবা এটা চোৱাই ভাল। কাৰণ টিভিৰ পৰ্দাৰ আকাৰো ডাঙৰ আৰু চকুৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা সম্ভৱ।
আনহাতে চকুৰ বাবে সৰুৰে পৰা সুষম খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। ফল-মূল, যেনে- কুমলীয়া ডালিম, পকা অমিতা, জলকীয়া, কচু, বাদাম, বিলাহী, বুট আদি সেউজীয়া পাতৰ শাক-পাচলি খাব লাগে। ভিটামিন এ আৰু ডি সমৃদ্ধ খাদ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত।