Breaking

গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  ভুমিৰ অধিকাৰৰ দাবীত চাৰি সহস্ৰাধিক ৰাইজৰ মহা পদযাত্ৰা : এমাহৰ ভিতৰতে ভুমি পট্ৰন দিয়াৰ দাবী

0 2,034

গোগামুখ, ২৮ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতি. ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ভুমিৰ অধিকাৰ আৰু ভুমি পট্টন দিয়াৰ দাবীত মহা পদযাত্ৰা বাহিৰ কৰা হয় ৷  মিংমাং পাৰ্বতীপুৰৰ পৰা গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাহিৰ কৰা এই পদযাত্ৰাত চাৰি সহস্ৰাধিক ৰাইজে ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰে  আৰু হাতে হাতে বেনাৰ-পষ্টাৰ লৈ চৰকাৰী বিৰোধী শ্ল’গান দিয়ে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই, মুখ্যমন্ত্ৰী মিছলীয়া, মন্ত্ৰী হিমন্তৰ স্বেচ্ছাচাৰীতা নচিলব, বিধায়ক ৰণোজ পেগু মূৰ্দাবাদ, ৰণোজ পেগুৰ কাম নাই, সাংসদ প্ৰদান বৰুৱা নিপাত যাৱক, প্ৰদান বৰুৱা হায় হায়, আমাক ভুমিৰ অধিকাৰ লাগিবই, ভূমি পট্টা লাগিবই আদি শ্ল’গান দি সমগ্ৰ গোগামুখৰ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই কয়- চৰকাৰে লাখ লাখ থলুৱা জনগণক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি লাখ লখ হিন্দু-বাংলাদেশীক মাটিৰ অধিকাৰ দিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ আজি নিজৰ ভূমিতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণ ভূমিহীন হোৱাৰ লগতে অন্ন-বস্ত্ৰৰ সমস্যাত অঘৰীৰ দৰে জীৱন-যাপন কৰিছে ৷ এনে সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি ভয়ংকৰ ষড়যন্ত্ৰ কৰি হিন্দু-বাংলাদেশীক অসমত সংস্হাপন দিব বিচাৰিছে ৷ জাতি-মাটি আৰু ভেটিৰ শ্ল’গান আওৰাই দিছপুৰৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসমৰ মাটি-ভেটি হিন্দু-বাংলাদেশীক অৰ্পণ কৰি জাতিৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে ৷ যিটো আমি অসমৰ অসমীয়া ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সম্ভৱ নিদিয়ে বুলি কৃষক নেতাজনে হুংকাৰ দিয়ে ৷ এমাহৰ ভিতৰতে গোগামুখ তথা মিংমাংবাসী ৰাইজক ভূমিৰ পট্টা দিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্ক ডি শইকীয়াই কয়- ভূমিৰ অধিকাৰ পোৱাটো থলুৱা জনসাধাৰণৰ জন্মগত অধিকাৰ ৷ অসমৰ থলুৱা জনসাধাৰণে ভূমিৰ অধিকাৰ তথা ভূমিৰ পট্টা পাবই লাগিব ৷ খিলঞ্জীয়া বিৰোধী বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনগণক উচ্ছেদ কৰি হিন্দু বাংলাদেশীক সংস্হাপনৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কঠোৰভাৱে বাধা দিয়া হ’ব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

প্ৰতিবাদ স্থলীত উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ  মুক্তিৰ কেন্দ্ৰীয় সভাপতি বিটু সোনোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, ৰাইজৰ দলৰ আহ্বায়ক ডাঃ হৰিকান্ত দাস, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ আৰু কৃষক মুক্তি সংগ্ৰামত সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুৰাজ বৰপাত্ৰগোঁহাই আদিয়ে ৷ উল্লেখনীয় যে প্ৰতিবাদকাৰী সকলে নিজৰ প্ৰাপ্যৰ দাবীত গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু ধেমাজি আৰক্ষীয়ে প্ৰতিবাদীৰ সংখ্যাধিক্য দেখি গোগামুখ নগৰতে বেৰিকেড বনাই প্ৰতিবাদী ৰাইজক বাধা দিয়ে ৷ 

Leave A Reply

Your email address will not be published.