পিআইবি, গুৱাহাটীৰ উদ্যোগত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সংবাদমাধ্যমৰ কৰ্মশালা সম্পন্ন, তিনিখন নতুন ফৌজদাৰী আইন কাৰ্য্যকৰী কৰিবলৈ সাজু হৈ আছে অসম আৰক্ষীঃ ডিজিপি

তিনি নতুন ফৌজদাৰী আইনসম্পৰ্কে সংবাদ মাধ্যমক সজাগ কৰি তোলাৰলক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচনব্যুৰ’, গুৱাহাটীয়ে অসম আৰক্ষীৰ সহযোগত আজি ইয়াত গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰবাবে এখনিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাৰ জৰিয়তে সাংবাদিকসকলক তিনি নতুন ফৌজদাৰী আইন ক্ৰমেভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে আইন তিনিখন ২০২৪ ৰ ১ জুলাইৰ পৰা কাৰ্য্যকৰী হ’ব। এই কৰ্মশালাত অসমৰআৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে মুখ্য অতিথি হিচাপে শোভা-বৰ্ধন কৰে। সংবাদ মাধ্যমক সম্বোধনেৰে তেওঁ কয় যেনতুন আইনকেইখনৰ ৰূপায়ণ এক উল্লেখযোগ্য মুহূৰ্ত আৰু আইনকেইখন কাৰ্য্যকৰীকৰণৰ বাবেঅসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু। ইতিমধ্যে অসম আৰক্ষীৰ প্ৰায় ২০০ গৰাকী বিষয়াই ক্ৰিমিনেল ফৰেনছিক বিজ্ঞানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে নতুন আইনসমূহৰ প্ৰযোজ্যতা তথা অপৰাধ আৰু ইয়াৰে জড়িত গোচৰসমূহৰ সৈতে মোকাবিলাকৰণৰ সময়ত বিষয়াসকলে কেনেদৰে নিৰীক্ষণ কৰিব লাগে, সেই সম্পৰ্কেতেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাহৈছে।

কেইমাহমানৰ ভিতৰতে ৫০০ৰো অধিক বিষয়াক প্ৰশিক্ষণ প্ৰদানকৰা হ’ব। শ্ৰী সিঙে আৰু কয় যে এই ফৌজদাৰী আইনসমূহ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তা অনুসৰি আপডেট কৰা হৈছে। ইয়াত মুখ্যবক্তা হিচাপে চিআইডি-অসমৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ফৌজদাৰী আইনসমূহৰ সংস্কাৰ সাধন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে গভীৰ বিশ্লেষণ আগবঢ়ায়। গুপ্তাই নতুন ফৌজদাৰী আইন সন্দৰ্ভতপ্ৰেজেনটেচন আগবঢ়াইএই তিনি আইনৰ সাল-সলনি সম্পৰ্কে আলোকপাত কৰে। উক্ত কৰ্মশালাত ভাষণ প্ৰদানেৰে শ্ৰী গুপ্তাই কয় যে ফৌজদাৰী আইনকেইখনতব্যাপক সাল-সলনিঘটোৱা হৈছে। এতিয়া মহিলা আৰু শিশুকেপ্ৰমুখ্য কৰি ভুক্তভোগীৰ অধিকাৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ন্যায়িক ব্যৱস্থাত অধিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে আৰু সামান্য অপৰাধৰ শাস্তি হিচাপে সমাজ সেৱাৰ প্ৰৱৰ্তন কৰা হৈছে বুলিও তেওঁ লগতে কয়। তেওঁ আৰু কয় যে এই তিনি আইনে শাস্তিতকৈ ন্যায় প্ৰদানত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে ক্ষীপ্ৰ ন্যায় প্ৰদান।শ্ৰী গুপ্তাই উল্লেখ কৰে যে এই আইনসমূহে ন্যায় প্ৰক্ৰিয়াক চাপ-মুক্ত কৰি তুলিব। ইয়াত ডিজিটেল প্ৰমাণক‘ফিজিকেল’ প্ৰমাণৰ সমতুল্য কৰা হৈছে। তেওঁ আৰু কয় যে এতিয়া ভিডিঅ’ৰ ক্লাউড ষ্ট’ৰেজক এক প্ৰাথমিক প্ৰমাণ হিচাপে গণ্য কৰা হ’ব।ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰউত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে. সতীশ নাম্বুদিৰিপাদে আদৰণি ভাষণ প্ৰদানেৰেফৌজদাৰী ন্যায় ব্যৱস্থাৰ দৰ্শন আৰু দৃষ্টিভংগী কিদৰে সলনি হৈছে আৰু এতিয়া জনসাধাৰণৰ অৰ্থে ফৌজদাৰী ন্যায় ব্যৱস্থা কিদৰে অধিক সুলভ হৈ উঠিব, সেই বিষয়ে আলোচনা কৰে। তেওঁ চৌপাশে ঘটি থকা পৰিঘটনাসমূহ বুজিবলৈ আৰু বিবেচনা কৰিবলৈ সামগ্ৰিকভাৱে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সাংবাদিকসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

তেওঁ সকলো অংশীদাৰৰ সৈতে চৰকাৰে গ্ৰহণ কৰা যথাযথ পৰামৰ্শমূলক প্ৰক্ৰিয়া সম্পৰ্কে ব্যক্ত কৰে।উল্লেখযোগ্য যে এনে মিডিয়া কৰ্মশালাৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৮ আৰু ১৯ মে’ত গুৱাহাটীত এখনিকৰ্মশালা অনুষ্ঠিত কৰিছিল।ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত মত-বিনিময়কাৰ্য্যসূচী আৰু নতুন আইনসমূহৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে স্পষ্টীকৰণ শিতান অনুষ্ঠিত হয়। পিআইবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জেন নামচুৱে প্ৰশ্নোত্তৰ শিতানৰ আঁত ধৰে।এই কৰ্মশালাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, অসম আৰক্ষীৰ বিষয়া-বৰ্গ আৰু বিভিন্ন বিশিষ্ট সংবাদ গোষ্ঠীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

Related Articles