ডিব্ৰুগড়ৰ চল্টব্ৰক অকাডেমীৰ ছাত্র ধৃতিষ্মান দত্তই কঢ়িয়ালে অসমলৈ গৌৰৱ

দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড়,২৬,জুন:২০২৪ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ চল্টব্ৰক একাডেমীৰ পৰা বিজ্ঞান শাখাৰ পৰা ৯৪.২% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্র ধৃতিষ্মান দত্তই পুনৰবাৰ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

৯ জুনত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় IAT, ২০২৪ পৰীক্ষাত অৱতীৰ্ণ হৈ ধৃতিষ্মানে সমগ্ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি বেংগালুৰুস্থ বিশ্ব প্ৰসিদ্ধ শিক্ষানুষ্ঠান Students Indian institute of science তথা IISC ত অধ্যয়নৰ সুযোগ লাভ কৰিছে। ইয়াৰ পূৰ্বেও ছাত্ৰ জনে এইবৰ্ষৰ JEE-Mains আৰু JEE-ADVANCED পৰীক্ষাটো উজনি অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ উপৰিও NEET পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

বিশিষ্ট চিকিৎসক ডঃ ৰাজীৱ দত্ত আৰু লাহোৱাল পলিটেকনিকৰ অধ্যাপিকা ডঃ তুলিকা তামুলী দত্তৰ জ্যেষ্ঠ পুত্ৰ ধৃতিষ্মানৰ এই বিৰল কৃতিত্বত চল্টব্ৰক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰা, অধক্ষ্য ৰঞ্জিত বৰুৱা আৰু সমূহ শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ উৎফুল্লিত হোৱাৰ লগতে ছাত্রজনক অভিনন্দন আৰু শুভাষীস জ্ঞাপন কৰিছে।

Related Articles