ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা

মীনাক্ষী ৰায় ডাকুৱা

                           

     বিশ্বায়নৰ যুগত পৰিৱেশ সমস্যা এক জলন্ত সমস্যা। উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্যচৰ্চা । শিল্প, দৰ্শনতো তেওঁৰ অবাধ বিচৰণ আছিল। কিন্তু কেনেকুৱা আছিল ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা  ? 
     পৰিৱেশ বিষয়ক সমস্যা আৰু এই বিষয়ে আলোচনা বৰ্তমান সময়ত নানাবিধ কাৰণত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে । বৈজ্ঞানিক গৱেষণাৰ ফলত জানিব পৰা গৈছে যে, মাত্ৰাতিৰিক্ত কাৰ্বন নিঃসৰণৰ কাৰণে বিশ্ব জুৰি পৰিৱেশ মানুহ আৰু প্ৰাণীৰ বসবাসৰ অনুপযোগী হৈ পৰিছে । নষ্ট হৈ গৈছে পৰিৱেশৰ ভাৰসাম্যতা । ইয়াৰ কাৰণ হিচাবে মানুহৰ অৰাজকতা, অসচেতনতা আৰু লোভেই সৰ্বতোপ্ৰকাৰে দায়ী । সাম্প্ৰতিক গৱেষণাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো অৰ্থাৎ পৰিৱেশ ভাৱনা বিষয়টো ৰৱীন্দ্ৰনাথৰ চিন্তাত বহু আগতেই—শতিকাৰো পূৰ্বেই লক্ষ্য কৰা গৈছে । ৰৱীন্দ্ৰসাহিত্যৰ এক বিৰাট অংশ জুৰি আছিল পৰিৱেশ বিষয়ক ভাৱনা । তেওঁৰ পৰিৱেশ ভাৱনাৰ দাৰ্শনিক চিন্তাধাৰা তেওঁৰ ৰচিত বিভিন্ন গল্প, কবিতা, উপন্যাস, চুটিগল্প আৰু প্ৰৱন্ধৰ উপজীৱ্য আছিল । য'ত তেওঁ কেৱল পৰিৱেশক কাব্যিকভাৱে বা উপমা দিয়েই প্ৰকাশ কৰা নাই বৰঞ্চ পৰিৱেশ বিষয়ক সমস্যাকো নানাভাৱে তুলি ধৰিছে । প্ৰকৃতিৰ চিৰন্তন ৰূপ আৰু তাৰ সৈতে প্ৰকৃতিৰ ন্যায়পৰায়ণতাৰ ধাৰণা প্ৰতিষ্ঠা কৰাতো তেওঁ লিখিছে । এইবাবেই বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰক এজন পৰিৱেশবাদী দাৰ্শনিক বুলি ক'ব পৰা যায় । তেওঁ যে পৰিৱেশ ভাৱনাত নিজকে সম্পৃক্ত কৰি তুলিছিল তাৰেই প্ৰকাশ ঘটিছিল শান্তিনিকেতনক লৈ কৰা তেওঁৰ কৰ্মকাণ্ডত । মানৱসম্পদৰ যথাৰ্থ বিকাশ সম্পৰ্কে ৰৱীন্দ্ৰনাথৰ দৰ্শন আছিল মানৱশিশুৰ শৈশৱৰ পৰাই যথাৰ্থ শিক্ষাৰ  প্ৰয়োজন আছে । তেওঁৰ কথাত, '........ দীর্ঘকাল থেকে শিক্ষা সম্বন্ধে আমার মনের মধ্যে যে মতটি সক্রিয় ছিল মোটের উপর সেটি হচ্ছে এই যে, শিক্ষা হবে প্রতিদিনের জীবনযাত্রার নিকট অঙ্গ, চলবে তার সঙ্গে একতালে, এক সুরে, সেটা ক্লাস নামধারী খাঁচার জিনিস হবে না আর যে বিশ্বপ্রকৃতির প্রতিনিয়ত প্রত্যক্ষ ও অপ্রত্যক্ষভাবে আমাদের দেহে মনে শিক্ষাবিস্তার করে সেও এর সঙ্গে হবে মিলিত ।' বিশ্বভাৰতীক কেন্দ্র কৰি পৰিৱেশবান্ধৱ শিক্ষাপদ্ধতি গঢ়ি তুলিছিল তেওঁ । শান্তিনিকেতনত তেওঁৰ পৰিৱেশবাদী চিন্তাৰ সুস্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায় । য'ত তেওঁ গছ, মানুহ আৰু প্ৰকৃতিৰ মাজত পঢ়া-শুনাৰ প্ৰেমময় পৰিৱেশ তৈয়াৰী কৰাৰ চেষ্টা কৰিছিল । চাৰিওফালে সেউজীয়া বেষ্টনীৰ দ্বাৰা শান্তিনিকেতন আৱৰা । পৃথিৱীজুৰি মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ বিৰল উদাহৰণ তেওঁ শান্তিনিকেতনৰ মাধ্যমত সৃষ্টি কৰিছিল । শান্তিনিকেতনত ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাচবিলাক হৈছিল গছৰ ছাঁত, যি আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিৱেশৰ লগত যোগাযোগটো বেছিকৈ বঢ়োৱাৰ স্বাৰ্থতে এইটোৱেই আটাইতকৈ সুচিন্তিত কাম, যিয়ে তেওঁলোকৰ অৱচেতনভাৱেই পৰিৱেশক ভালপাবলৈ শিকায় । ৰৱীন্দ্ৰনাথৰ শান্তিনিকেতনত বৰ্তমানে বহু শিক্ষাৰ্থীয়ে তেওঁলোকৰ গৱেষণা কাৰ্যক্ৰম পৰিচালনা কৰি আছে আৰু কৃষি বিষয়ক নানান তত্ব সংগ্ৰহ কৰি সমৃদ্ধ হৈ আছে ।
     ৰৱীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশ ভাৱনাৰ বৃহৎ এক অংশ জুৰি আছিল পৰিৱেশ-সচেনতা । দূষণমুক্ত পৰিৱেশ সংক্ৰান্ত চিন্তাভাৱনাত তেওঁ আছিল নিজৰ কালৰপৰা বিস্ময়কৰভাৱে অগ্ৰগামী । বিশ্বমানৱতাৰ এই মহান কবি পৰিৱেশ বোলোতে বিশ্বমানৱতাৰ পৰিৱেশেই বুজিছিল, তথাপিও তেওঁৰ স্বদেশেই আছিল ইয়াৰ কেন্দ্ৰত । তেওঁৰ বাংলাদেশ আছিল নগৰবাংলা নহয়, গ্ৰামবাংলা—সেউজীয়া গছ-গছনিৰে ভৰা, চৰাইৰ কাকলিৰে নদীমাতৃক বাংলাদেশ । সেইবাবে ৰৱীন্দ্ৰনাথৰ মৃত্যুদিৱস ২২ শাওণক তেওঁৰ আশ্ৰম শান্তিনিকেতনত বৃক্ষৰোপণ দিৱস হিচাবে পালন কৰা হয় ।
     ১৯২৫ চনৰ ২৫ বহাগত কবিৰ জন্মোৎসৱ পালন কৰা হয় শান্তিনিকেতনত । জন্মোৎসৱৰ অঙ্গ হিচাবে উত্তৰায়ণৰ উত্তৰ-পশ্চিম সীমাত "পঞ্চবটী" অৰ্থাৎ আঁহত, বেল, বট, আমলখি আৰু অশোক গছৰ পুলি ৰোপণৰ মাজেৰে বৃক্ষৰোপণ উৎসৱৰ সূচনা কৰে । বৃক্ষৰোপণ উপলক্ষে সিদিনা কবিৰ সদ্যৰচিত গান "মরুবিজয়ের কেতন উড়াও শূন্যে" গোৱা হয়, যি আছিল আচলতে বৃক্ষৰোপণৰ মাধ্যমত সেউজীয়া বেষ্টনী বৃদ্ধিত তেওঁৰ উদাত্ত আহ্বান । গোটেই বিশ্বত এই বৃক্ষৰোপণ উৎসৱ এক অনন্য উদ্যোগ হিচাবে স্বীকৃত । সম্ভৱতঃ গোটেই বিশ্বত পৰিৱেশগত গণচেতনাৰ এইটোৱেই প্ৰথম কোনো সচেতন আন্দোলন । ইয়াৰ তিনিবছৰ পিছত ১৯২৮ চনৰ ১৪ জুলাইত শান্তিনিকেতনত আনুষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হয় বৰ্ষামঙ্গল বা বৰ্ষাঋতু-উৎসৱত । ইয়াৰ আগতেও কবিয়ে কেবাবাৰো বৃক্ষৰোপণ কৰিছিল, অৱশ্যে বিদেশৰ মাটিত । ১৯২৬ চনতঝ চিকিৎসকৰ পৰামৰ্শত হাঙ্গেৰিৰ বালাতন হ্ৰদৰ তীৰত এটি স্বাস্থ্যকেন্দ্ৰত বিশ্ৰামৰ বাবে আশ্ৰয় লৈছিল ৰৱীন্দ্ৰনাথ । তাতেই তেওঁ ৮ নভেম্বৰত "Lindentree"ৰ পুলি ৰোপণ কৰে । সেই বৃক্ষৰোপণ উপলক্ষে কবিয়ে লিখিছিল—

হে তরু, এ ধরাতলে রহিব না যবে
সেদিন বসন্তে নব পল্লবে পল্লবে
তোমার মর্মরধ্বনি পথিকেরে কবে
‘ভালোবেসেছিল কবি বেঁচেছিল যবে’ ।

আজিৰ পৰিৱেশ আন্দোলনৰ পথিকৃতৰ ভূমিকাত ৰৱীন্দ্ৰনাথৰেই নাম ল’ব পাৰি, যাক তেওঁ শান্তিনিকেতনত আৰম্ভ কৰিছিল ১৯২৫ চনত পঞ্চবটী প্ৰতিষ্ঠাৰ মাধ্যমেৰে আৰু জোৰদাৰ কৰিছিল ১৯২৮ চনত বৰ্ষাঋতু-উৎসৱ উদযাপনৰ মাজেৰে । ৰৱীন্দ্ৰনাথ প্ৰৱৰ্তিত সেই বৃক্ষৰোপণ প্ৰথাৰ উদ্দেশ্য আছিল শিক্ষাশ্ৰম শান্তিনিকেতন আৰু শ্ৰীনিকেতন এলেকাৰ অনুসৰণত বৃক্ষৰোপণ উৎসৱ যেন গোটেই দেশজুৰি প্ৰচলিত হয় আৰু তেওঁৰ প্ৰিয় স্বদেশৰ পৰিৱেশ যেন কেতিয়াও কলুষিত নহয় ।
প্ৰতীচ্যৰ পৰিৱেশ সচেতনতাৰ বহু আগতেই প্ৰাচ্যৰ মনীষী ৰৱীন্দ্ৰনাথ ঠাকুৰৰ দূষণমুক্ত পৰিৱেশ সংৰক্ষণৰ চিন্তা আৰু তাৰ কাৰ্যকৰী ব্যৱস্থা তেওঁৰ নিৰন্তৰ স্বদেশ-ভাৱনাৰেই মহত্বম প্ৰকাশ, যি সকলো মানুহৰ স্বদেশ-ভাৱনাৰ আদৰ্শ হ’ব পাৰে ।

Related Articles