উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বিশিষ্ট শিল্পী বিমান বৰুৱাক ২০২৪ বৰ্ষৰ ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান, মানুহৰ মন মগজুত ক্ৰীড়া কৰা কৰা অনুষ্ঠান হৈছে সংগীতঃ ড০ পীতাম্বৰ দেৱ গোস্বামী

মানুহৰ মন মগজুত ক্ৰীড়া কৰা অনুষ্ঠান যদি আছে সেয়া হৈছে সংগীত। যি সংগীত শুনাৰ লগে লগে মানুহৰ বিবেকে বিচাৰ আৰম্ভ কৰে। হদয়ৰ অনুভূতিৰ দুৱাৰ খুলি দিব পাৰে। তেতিয়াই মানুহে প্ৰেমৰ সন্ধান লাভ কৰে। কিন্তু ল’ৰা আৰু ছোৱালীৰ মাজত হোৱা প্ৰেমেই এক মাত্ৰ প্ৰেম হ’ব নোৱাৰে। মানুহ, প্ৰাণী, সমাজ,দেশ,জাতিৰ মাজত থকা প্ৰেমই হৈছে প্ৰকৃত প্ৰেম। গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত কণ্ঠশিল্পী ভিতালী দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানত‌ গীতিকাৰ -সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাক ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰি দিয়া ভাষণত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে এইদৰে কয়।


বিশিষ্ট সাংবাদিক বিপুল শৰ্মাই আঁতধৰা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত ভাষণ দি সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে সংগীতে মানুহৰ জড়তা ভঙ্গ কৰি আমাক স্বাভাৱিক ভাৱে আনন্দ দিয়ে। গীত নৃত্য আৰু বাদ্যৰ সমাহাৰৰ এই সংগীতে যে কেৱল মানুহকেই আনন্দ দিয়ে এনে নহয় সংগীতে বনৰীয়া জীৱ-জন্তুৰ পৰা হিংস্ৰ সৰ্পকো আনন্দ দিয়ে। আনকি কান্দি থকা শিশুৱেও সংগীত শুনিলে কন্দন পাহৰি যায়। সংগীতৰ এই নান্দনিক ক্ষেত্ৰ খনত অতি কম দিনৰ ভিতৰতে খলকনি তুলিছিল আমাৰ সকলোৰে মৰমৰ সুকণ্ঠি গায়িকা ভিতালী দাস। ভিতালী দাসৰ দৰে এগৰাকী শিল্পী আমাৰ মাজৰ পৰা ইমান কম বয়সতে আঁতৰি যোৱাত দুখ প্ৰকাশ কৰি এই গৰাকী শিল্পীক জীয়াই ৰখাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই যি মহৎ প্ৰচেষ্টা হাতত লৈছে তাক ভূয়সী প্ৰশংসা কৰে সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে লগতে ভিতালী দাসৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰত স্থাপন হ’বলগীয়া ফিজিকেল ইউনিভাৰ্ছিটিৰ এটি কক্ষ ভিতালী দাসৰ নামত ৰাখিব বুলিও সভাত ব্যক্ত কৰে।

বিশিষ্ট গীতিকাৰ,-সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাৰ ওপৰত মন্তব্য কৰি সত্ৰাধিকাৰ গৰাকীয়ে কয় বিমান বৰুৱা এনে এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে বনগীত , বিহুগীত, টোকাৰী গীত,আই নাম, দিহানাম সকলোতে দখল থকা এগৰাকী প্ৰকৃত শিল্পী। এই গৰাকী শিল্পীক ভিতালী দাস সোঁৱৰণী বঁটাৰ বাবে বিভূষিত হোৱাত বিমান বৰুৱাক অভিনন্দন জ্ঞাপন কৰে। উত্তৰ গুৱাহাটী কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰাণজিতা কৃষ্ণা তামুলী আৰু তেওঁৰ সঙ্গীবৃন্দৰ দ্বাৰা পৰিচালিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই ভিতালী দাসৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আবেগিক হৈ পৰে। সংগীতৰ ক্ষেত্ৰ খনত ভিতালী দাসৰ লগত হোৱা মধুৰ সম্পৰ্কৰ কথা দোহাৰি শৰ্মাই ভিতালী দাস বিহু গীতৰ এগৰাকী অদ্বিতীয় শিল্পী আছিল বুলি কয়। প্ৰায় ৫০০০ হাজাৰ গীত পৰিৱেশন কৰি অসমৰ ৰাইজৰ বিপুল জনপ্ৰিয়তা অৰ্জন কৰি আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা এই এগৰাকী শিল্পীক জীয়াই ৰখাৰ যি মহৎ প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ভূয়সী প্ৰশংসা কৰে। শৰ্মাই উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ভিতালী দাসৰ গীতৰ এটি কৰ্মশালা অনুষ্ঠিত কৰি তাৰ ওপৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভিতালী দাসৰ গীতৰ সংকলন এটি প্ৰকাশ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় এইক্ষেত্ৰত তেওঁ নিজেও সহায় কৰিব বুলিও সভাত কয়। বঁটা গ্ৰহণ কৰি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট গীতিকাৰ -সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাই। সভাত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ লগতে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, উত্তৰ গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ড০ বন্তি বড়া দত্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শ‌ইকীয়াৰ লগতে বিশিষ্ট সমাজকৰ্মী জয়ন্ত বৰুৱা, বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰুৱা, ভিতালী দাসৰ স্বামী ভূপেন দাস,কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত কেইবাজনো বিশিষ্ট শিল্পীক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা সম্বৰ্ধনা জনোৱা হয়। ভিতালী দাস সোঁৱৰণী বঁটাত আছে এখন ফুলাম গামোছা, এখন চেলেং চাদৰ, এখন শৰাই এটা জাপি আৰু এখন প্ৰশস্তি পত্ৰ।

Related Articles