১৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত ভাৰতে আঁজুৰিলে ২৪ৰ বিশ্বকাপ! দ্বিতীয়বাৰ ভাৰতৰ হাতলৈ আহিল T-20 বিশ্বকাপৰ ট্ৰফী…
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/06/449103870_878120514337233_4644577763023202363_n.jpg)
T20 বিশ্বকাপৰ ফাইনেল মেচত টীম ইণ্ডিয়াৰ অনবদ্য প্ৰদৰ্শন।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত ৭ ৰানত জয়ী টীম ইণ্ডিয়া।বাৰ্বাডোছৰ পিটচৰ পৰা টি-২০ বিশ্বকাপ খিতাপ জয় কৰিলে ভাৰতে।টি-২০ বিশ্বকাপৰ ফাইনেল ইতিহাসৰ সাক্ষী হ’ল ভাৰত। ১৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত ভাৰতে আঁজুৰিলে ‘২৪ৰ বিশ্বকাপ’।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/06/449192456_878120627670555_1604967955593357743_n.jpg)
বিশ্বজয়ৰ পিছতে টীম ইণ্ডিয়া খেলুৱৈৰ মাজত আনন্দ-উল্লাহ। আৱেগিক হোৱাও দেখা গ’ল হিটমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/06/448938719_878120684337216_896012647551825134_n.jpg)
আনহাতে T20 ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়নৰ পিছতে T20ৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/06/449193635_878120761003875_891208662899295730_n.jpg)
আনহাতে কালি খেলখনত সূৰ্যকুমাৰ যাদৱৰ বিশেষ কেচটোৱেও ৰচিলে ইতিহাস৷