গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ বন মহোৎসৱ আৰম্ভণি…

গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষ আৰু গোটৰ অধীনত সোমবাৰৰ পৰা বন মহোৎসৱৰ শুভাৰম্ভ হয়।অসম চৰকাৰৰ বন বিভাগৰ নিৰ্দেশ অনুসৰি ১ ৰ পৰা ৭ এপ্ৰিল লৈকে প্ৰত্যেক বছৰে বন মহোৎসৱৰ আয়োজন হয়।এটি জামুকৰ পুলি ৰোপন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে।

ডঃ কাকতি য়ে বৃক্ষ ৰূপনৰ উপকাৰীতা আৰু গোলকীয় উষ্ণতাত ইয়াৰ প্ৰভাৱৰ ওপৰত বাখ্যা ডাঙি ধৰে।এসপ্তাহ জোৰা কাৰ্যসূচীত বিভিন্ন ঠাইত ৩০০ জোপা গছ পুলি ৰূপনৰ পৰিকল্পনা লোৱা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ দ্বাৰা “পাহাৰ বোৰ সেউজ কৰো আহক” এক বৃহৎ কৰ্য্যসূচী যোৱা চাৰি বছৰ ধৰি পালন কৰি অহা হৈছে আৰু এই বছৰো পাহাৰৰ খালি ঠাইত বৃক্ষ ৰোপন কৰা হ’ব। গু বি ৰ এন এছ এছ কাৰ্যসূচী বিষয়া ডঃ ৰিটোপৰ্ণ বৰা আৰু এন এছ এছ ৰ স্বেচ্ছা সেৱক সকলেও আজি বৃক্ষ ৰোপন কৰে।

Related Articles