বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

ধনশ্ৰী, পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০ % অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱজন্তৰ প্ৰতি ভাবুকী আহিছে যদিও ইতিমধ্যে বহু জীৱজন্ত ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷ বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টেৰে পহৰা দি থাকিব লগীয়া হৈছে৷ উদ্যানখনৰ ৫০ টা কেম্প ৰ ভিতৰত ২০ টা কেম্প জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ খয়ৰাচালি, বালিকেম্পত সাতফুট পৰা পোন্ধৰ ফুটলৈ পানী উঠিছে৷

এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱজন্ত সমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাঁৱেৰে কৰ্তব্য পালন কৰিব লগীয়া হৈছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজীৎ ডেকাৰ পৰা জানিব পৰা যায় যে কালিৰে পৰা ধনশ্ৰী নৈখনৰ পানী হঠাৎ বৃদ্ধি হোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও কেম্পত ভয়ানক ভাৱে পানী বৃদ্ধি পাইছে৷ উদ্যানখনৰ প্ৰায় ২০ টা কেম্প বানৰ কৱলত পৰিছে৷ফলস্বৰূপে চলা চল কৰিব পৰা বহু বাট পথ,গছ-গছনি বিনষ্ট আৰু,জীৱ জন্তুৰ খাদ্য সংকট আদিৰ শংকা কৰা হৈছে।

Related Articles