সফলতা লাভৰ বাবে সকলোৱে কঠোৰ পৰিশ্ৰম কৰে কিন্তু কেতিয়াবা এজন ব্যক্তিৰ নিজৰ ভুলে তেওঁক বাধা দিয়ে। তেনে এক ভুলৰ কথা চাণক্য নীতিত উল্লেখ কৰা হৈছে। আচাৰ্য চাণক্যৰ নীতি শাস্ত্ৰত কৈছে যে বহু সময়ত আমাৰ চৌপাশৰ মানুহে আমাক আগুৱাই যাবলৈ নিদিয়ে। এনে পৰিস্থিতিত আমি সেইসকল লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত যিসকল আমাৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা হৈ পৰে। এনে পৰিস্থিতিত এই লোকসকলক চিনাক্ত কৰি দূৰত্ব বজাই ৰাখক। তেতিয়াহে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব।
মূৰ্খ মানুহৰ সংগ নল’ব।তেওঁলোকে কেৱল নিজৰ জীৱনটো নষ্ট কৰাই নহয়, তেওঁলোকৰ লগত থকাসকলকো ধ্বংস কৰে। মূৰ্খ মানুহে কেতিয়াও শিক্ষণত বিশ্বাস নকৰে। নিৰাশাবাদী, এলেহুৱা আৰু নেতিবাচক মনৰ মানুহৰ সংগীয়ে আপোনাক জীৱনৰ প্ৰতি হতাশাৰে ভৰাই তুলিব। এনে লোকে নিজেই নিজৰ অভাৱ-দুখৰ বাবে কান্দি থাকে আৰু আপোনাৰ মনতো একেধৰণৰ অভ্যাস গঢ়ি তুলিব।নেতিবাচক চিন্তাধাৰাৰ লোকে জীৱনত আগবাঢ়ি যাবলৈও চেষ্টা নকৰে, প্ৰত্যাহ্বানৰ সন্মুখীনও নহয়। স্পষ্টভাৱে এনে পৰিস্থিতিত তেওঁলোকে নিজৰ হাতেৰে নিজৰ অগ্ৰগতি বন্ধ কৰি দিয়ে।এই সমূহ মানুহৰ পৰা আঁতৰি থাকিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিব।