ঐ, পোনাকনহঁত চকুহাল মোহাৰি চাইছ কি?
বাৰিষাৰ বান আহি বৰঘৰ সোমালহি
টালি টোপোলাবোৰ বেগেতে বান্ধ
মথাউৰি ভাগোঁ ভাগোঁ অৱস্থা
বানে লৈছে সংহাৰ ৰূপ
বৰলুইত ওফন্দি উঠিছে
অহৰহ পানী আৰু পানী…
গৰুকেইটাৰ মুখকেইখনো শুকাই গৈছে
এসপ্তাহে পেটত খুদ-কণ এটাও নাই
বাৰীৰ ঘাঁহনিডৰাও বানে ঢাঁহি মুহি নিলে
টোপোলাত কি বান্ধিম অ’
কাপোৰবোৰো তিতি সেমেকিল
চাউল থোৱা যতনটো পানীতে ডুবিল…
তহঁত সোনকালে ওলা
হাউত কৰি লৈ আহোঁ কলৰ ভূঁৰখন
চাৰিওফালে হুৱা-দুৱা
যিয়ে য’তে পাইছে এফেৰি ঠাই
ৰাস্তাৰ কাষতে সাজি লৈছে তম্বু
জীৱ-জন্তুবোৰৰো নিস্তাৰ নাই…
কোনোবাই জোৰকৈ চিঞৰিছে
সৌৱা চাচোন চা,
নগেন দাইটি ঘৰখন উটুৱাই নিলে
কি? প্ৰবল সোঁত
সবে ভগৱন্তক সেৱা নিবেদিছে
নিজৰ প্ৰাণ বচোৱাত
প্ৰকৃতি ৰুষ্ট হৈ কালৰূপ ধাৰণ কৰিছে
ৰাস্তাৰ পৰাই সকলোৱে নিজৰ ঘৰখন
ভালে ৰখাৰ প্ৰাৰ্থনা কৰিছে…
হেঁপাহৰ ঘৰবোৰ প্ৰবল সোঁতত জাহ গৈছে
আজি অমুকৰ ঘৰ,কালি তমুকৰ
চকুৰ আগত জলন্ত শোক লগা ছবি
ৰাতি হাৰে থাকি ক্ষণ গণিছে জীৱন জীয়াৰ…
হায়! এয়াহে কপাল
হাতত নাই টকা ওখকৈ ঘৰ সাজিবলৈ
যি এপইচা পোৱা যায় খেতিডৰাৰ পৰা
সেয়াও বানে নিলে ধুই,
শুকান জাৰণিত কেনেকৈ লগাব থিত
ঘৰ সাজিব কেনেকৈ
পৰিয়াল চলাব কেনেকৈ
প্ৰকৃতিৰ তাণ্ডৱত চৌদিশ জৰাজীৰ্ণ।
লেখকঃ ৰশ্মি ৰেখা দুৱৰা