হাতত ট্ৰফী লৈ নাচিলে ঋষভ পন্তে! ১৬ ঘণ্টা বিমানত কি দৰে সময় কটালে ভাৰতীয় দলটোৱে! পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’…

বাৰ্বাডোছৰ পৰা দিল্লীৰ দূৰত্ব কম নহয়। ১৩৪৫৮ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ১৬ ঘণ্টা সময় লাগিছিল। ভাৰতীয় ক্ৰিকেটাৰসকলে এই সময়ছোৱা বিভিন্ন ধৰণে উপভোগ কৰিছিল। তেওঁলোকৰ সেই সময়ৰ এটা বিশেষ ভিডিঅ’টো বিচিচিআইয়ে পোষ্ট কৰিছিল।

বিমানখনৰ ভিতৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বিশ্বকাপৰ ট্ৰফী। ফটো এখনৰ বাবে সকলোকে পোজ দিয়াৰ দেখা গ’ল। প্ৰথমে হাতত ট্ৰফী লৈ নাচিলে ঋষভ পন্ত।

ইয়াৰ পিছত যশপ্ৰীত বুমৰাই নিজৰ সন্তানক কোলাত লৈ ট্ৰফী দেখুৱাবলৈ আৰম্ভ কৰিলে।অক্ষৰ পেটেল আৰু মহম্মদ ছিৰাজ, যুজবেন্দ্ৰ চাহাল আৰ্শদীপ সিং, ৰোহিত, বিৰাটক দেখা গ’ল ট্ৰফীৰ সৈতে সময় কটোৱা।

Related Articles