কংগ্ৰেছ দলে আজি দেশৰ সংসদীয় ব্যৱস্থাক লজ্জিত কৰিলেঃ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান…

অব্যাহত আছে অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন৷ এই অধিৱেশনৰ মঙলবাৰে আছিল সপ্তম দিন৷ অধিৱেশনত অধ্যক্ষতা কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷মঙলবাৰে সদনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ সময়তে বিৰোধীয়ে অতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বিৰোধীৰ মুখত স্থান পাইছিল নীট-মণিপুৰৰ দৰে প্ৰসংগই৷ বিৰোধীৰ শ্ল’গানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে জাৰি ৰাখিছিল নিজৰ ভাষণ৷ সেই সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷ কংগ্ৰেছ দলে আজি দেশৰ সংসদীয় ব্যৱস্থাক লজ্জিত কৰিছে। মণিপুৰৰ পৰা অহা সাংসদক ভাষণ দিবলৈ সুযোগ নিদিলে। ৰাহুল গান্ধীৰ ৯০ মিনিটৰ ভাষণৰ পিছত মণিপুৰৰ পৰা তেওঁলোকৰ নেতাক সুযোগ দিব পাৰিলেহেঁতেন।

কংগ্ৰেছ দলে সত্য কথাটো কোৱাৰ বাবে সুযোগ নিদিলে৷ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ ভাষণত ব্যাঘাত জন্মাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ কালি বিৰোধী দলপতিৰ এই আচৰণক যিমানেই গৰিহণা দিয়া নহওক কিয় সেয়া যথেষ্ট নহয়; – কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়;আমি আশা কৰিছো যে কংগ্ৰেছ দলে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নিজৰ আচৰণ সংযত কৰিব। আজি প্ৰধানমন্ত্ৰী মোদীয়ে নীটৰ প্ৰসংগ উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিয়ে ভাষণত নীটৰ প্ৰসংগ উল্লেখ কৰিছিল। কাইলৈ ​​ৰাজ্যসভাতো এই বিষয়ে আলোচনা হ’ব।বিৰোধীয়ে ১৮ সংখ্যক লোকসভাৰ মজিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে টেবুলত থপৰিয়াই ‘মণিপুৰ, মণিপুৰ’, আমি একনায়কত্ববাদৰ অনুমতি নিদিওঁ; বুলি শ্লোগান দিছিল৷ আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অধ্যক্ষই কয়, বিৰোধী দলৰ নেতা হিচাপে ৰাহুলৰ আচৰণ সংসদীয় পৰম্পৰাক মনা নাই। ৰাহুল গান্ধীয়ে বিৰোধী সদস্যসকলক সদনৰ মাজলৈ আহিবলৈ নিৰ্দেশ দিছিল৷ অধ্যক্ষ বিৰলাই কয় যে, এয়া ভুল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কৰ উত্তৰ দিয়াৰ পিছত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত সদনে ধন্যবাদৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ পিছত মঙলবাৰে লোকসভাৰ কাম-কাজ স্থগিত ৰখা হয়৷ অধ্যক্ষ বিৰলাই কয় যে, বিৰোধী সদস্যসকলে সংসদীয় পৰম্পৰাক উলংঘা কৰিছে। অধ্যক্ষগৰাকীয়ে পুনৰ কয়;সদন নিয়ম অনুসৰি চলে আৰু কাম-কাজ পৰিচালনা কৰে৷ ৰাজনাথ সিঙে উত্থাপন কৰা প্ৰস্তাৱক গৃহমন্ত্ৰী অমিত শ্বাহে সমৰ্থন কৰে, যিটো সদনত ধ্বনি ভোটৰ জৰিয়তে গ্ৰহণ কৰা হয়।

Related Articles