সাৱধান! লেতেৰা পানীত নাসাঁতুৰিব, লেতেৰা পানীত সাঁতুৰি ৩ জনে হেৰুৱালে প্ৰাণ…

সাৱধান হওক সকলো। চাৰিওপালে পানী আৰু পানী। এই লেতেৰা পানীত গা, সাঁতোৰা অভ্যাস এৰক। নিজ সন্তানকো আঁতৰাই ৰাখক। নহ’লে পৰিব বিপদত। কিয়নো আহিছে এবিধ ৰোগ।

দূষিত পানীত সাঁতুৰি কেৰেলাৰ কোঝিকোডত এজন ১৪ বছৰীয়া ল’ৰাৰ মৃত্যু হৈছে, বিৰল মগজুৰ সংক্ৰমণত। Naegleria fowleri, হ্ৰদ, পুখুৰী, নদীতে মাটি আৰু অপৰিশোধিত পানীত পোৱা এবিধ সৰু জীৱ। দূষিত পানীত সাঁতুৰি বা ডুব মাৰিলে নাকেৰে প্ৰৱেশ কৰি মগজুলৈ যাবলৈ সহজ হ’ব পাৰে। ইয়াৰ ফলত প্ৰাথমিক এমেবিক মেনিনজোএনচেফেলাইটিছ বা পিএএম নামৰ গুৰুতৰ আৰু প্ৰায়ে মাৰাত্মক সংক্ৰমণৰ সৃষ্টি হয়। ক্লিভলেণ্ড ক্লিনিকৰ মতে ই দ্ৰুতগতিত বিয়পে আৰু তৎক্ষণাত চিকিৎসা কৰিব লাগে।

Naegleria fowleri ৰ লক্ষণঃ

এই ৰোগৰ লক্ষণসমূহ হ’ল- মূৰৰ বিষ, জ্বৰ, বমি, বমি আৰু মানসিক অৱস্থাৰ পৰিৱৰ্তন।

Related Articles