প্ৰতি নিশাই এটা এটাকৈ সপোনৰ ঘৰ নোহোৱা হৈছে…

মুহূৰ্ততে গংগা নদীত ডুবি গল সপোনৰ ঘৰ খন। গোলকগঞ্জ সমষ্টিত প্ৰতিটো নিশাই এটা এটাকৈ সপোনৰ ঘৰ নোহোৱা হৈছে। ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে গংগাধৰ নদীৰ গৰাখহনীয়াই। ইতিমধ্যে বহুত গাঁও জিলা খনৰ মানচিত্ৰৰ পৰা নোহোৱা হৈছে।

কৈমাৰী, লোহাজানি, মৰাগদাধৰ, গোলকগঞ্জ, আগমণি, শিঙিমাৰী, টোকৰেৰছৰা ইত্যাদি গাঁৱত গংগাধৰ নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। অন কেমাৰাত মূহুৰ্ততে গংগাধৰ নৈৰ সৈতে মিলি গল গজেন সেনৰ ঘৰ । এই দৃশ্য ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা প্ৰথম খণ্ডৰ। দিনক দিনে কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈয়ে। চপৰা চপৰে খহিছে মানুহৰ ভেটি মাটি। গৰাখহনীয়াৰ ফলত শ শ বিঘা কৃষি ভূমি নদীত জাহ যোৱাৰ লগতে গৃহহাৰা হৈছে বহু পৰিয়াল। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈ পৰীয়া ৰাইজৰ মাজত। সময়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বহু পৰিয়াল এনেকৈ গৃহহৰা হোৱাৰ লগতে গোটেই টোকৰেৰছৰা গংগাধৰ নৈৰ সৈতে মিলি যোৱাৰ শংকা নৈপৰীয়া পৰিয়ালৰ।

Related Articles