গুৱাহাটীত আছাম ষ্টেট মনচুন ফ’ৰামৰ কাৰ্যসূচী…

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুক্ৰবাৰে “আছাম ষ্টেট মনচুন ফ’ৰাম”ৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জলবায়ু সম্পৰ্কীয় তথ্যৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ কৰি তুলি সুপৰিকল্পিত ব্যৱস্থা সৃষ্টিৰ সন্দৰ্ভত এই কাৰ্যসূচীত বিশেষভাৱে গুৰুত্ব দিয়া হয়।

কৃষি বিভাগ, ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আই এম ডি) আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ডব্লিউ এফ পি)ৰ সহযোগিতামূলক পদক্ষেপৰ অংশ হিচাপে অনুষ্ঠিত কৰা এই কাৰ্যসূচীত কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, কৃষি বিভাগৰ সচিব তথা উদ্যানশস্য সঞ্চালক তেজপ্ৰসাদ ভূষাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, আই এম ডি (বতৰ বিজ্ঞান)ৰ সঞ্চালক প্ৰধান ড° মৃত্যুঞ্জয় মহাপাত্ৰৰ লগতে এএছডিএমএ(ASDMA), এনডিআৰএফ(NDRF), স্বাস্থ্য বিভাগ, এএছআৰএলএম(ASRLM), এপিজিচিএল(APGCL), খাদ্য আৰু অসামৰিক যোগান বিভাগ, নাবাৰ্ড আদিকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Related Articles