এইড-এট-একচন NGOৰ গ্ৰীষ্মকালীন শিবিৰ…

বিশ্বনাথ জিলাৰ বালিচাং মধ্য ইংৰাজী বিদ্যাল়য়ত এইড-এট-একচন নামৰ বেচৰকাৰী সংস্থায়ে ৪ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন শৈক্ষিক শিবিৰৰ আয়োজন কৰিছে ৷ বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক ভৱেন কটকীয়ে শৈক্ষিক শিবিৰৰ শুভাৰম্ভ কৰে ৷ উক্ত কাৰ্যসুচীৰ মুকলি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু নৈতিক উৎকৰ্ষ সাধনৰ বাবে সময়োপযোগী পদক্ষেপ বুলি বিদ্যালয় পৰিছালনা সমিতিৰ বিষয়ববীয়া তথা পাভৈ আছুৰ বিষয়ববীয়া সকলে মতপোষণ কৰে ৷

শৈক্ষিক শিবিৰত বিশেষকৈ শিশু সুৰক্ষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, পষ্টাৰ বনোৱা, শ্ল’গান লিখাৰ উপৰিও অংক আৰু বিজ্ঞান বিষয়ক কিছুমান কাৰ্যকলাপৰ ভিত্তিত ক্লাছ কৰা, কেৰিয়াৰ কাউচেলিং, প্ৰাচীৰ পত্ৰিকা বনোৱা, কাগজেৰে কিছুমান হাতৰ কাম, নানান খেল ধেমালিৰ লগতে ছাত্ৰ ছাত্ৰী সকলে টি-এল-এম বনোৱা আৰু ইয়াৰ ব্যবহাৰিক দিশ সমুহ শিকোৱা হ’ব বুলি জানিব দিয়ে সংস্থাৰ বিষয়ববীয়া অমৰ বেয়ে৷

Related Articles