পিতৃ কাঠমিস্ত্ৰী, মাতৃ আছিল নাৰ্চ! পুত্ৰ হ’ব এখন দেশৰ প্ৰধানমন্ত্ৰী…

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু লেবাৰ নেতা কেইৰ ষ্টাৰমাৰ। লেবাৰ পাৰ্টিয়ে কনজাৰ্ভেটিভ পাৰ্টি (ট’ৰী)ক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে পৰাজয় স্বীকাৰ কৰে আৰু পদত্যাগও ঘোষণা কৰে।


বহুতে বিশ্বাস কৰে যে ৬১ বছৰীয়া ৰাজনীতিবিদ ষ্টাৰমাৰে প্ৰধানমন্ত্ৰী হ’লেও আৰম্ভণিৰে পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ষ্টাৰমাৰে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে বৰ্তমান দেশখনে যিবোৰ প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ আহিছে, সেইবোৰ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। ১৯৬২ চনত লণ্ডনত জন্মগ্ৰহণ ষ্টাৰমাৰে ছাৰেৰ অক্সটেডত ডাঙৰ-দীঘল হৈছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ উকীল হিচাপে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে।


খবৰ ওলাইছে যে ষ্টাৰমাৰৰ পিতৃ পেছাত কাঠমিস্ত্ৰী আছিল আৰু মাতৃগৰাকী ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ সৈতে জড়িত আছিল। নাৰ্ছ হিচাপে কাম কৰিছিল। সৰুৰে পৰা ষ্টাৰমাৰ অধ্যয়নৰ প্ৰতি অতি আগ্ৰহী আছিল। কিন্তু পঢ়া-শুনাৰ সমান্তৰালকৈ তেওঁ ছাত্ৰ জীৱনত ষ্টাৰমাৰে ১৬ বছৰ বয়সত ৰাজনীতিত যোগদান কৰিছিল। ষ্টাৰমাৰ দুটা সন্তানৰ পিতৃ। ২০০৭ চনত তেওঁৰ প্ৰেমিকা ভিক্টোৰিয়াক বিয়া কৰাইছিল। ষ্টাৰমাৰৰ মাকৰ দৰেই ভিক্টোৰিয়াও পেছাত এগৰাকী নাৰ্ছ। ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ সৈতে জড়িত।

Related Articles