মাছৰ জোলৰ পৰা চাহলৈকে সকলোতে আদা দিয়ে নেকি? অত্যধিক আদা খোৱাৰ ফলত ৩টা ৰোগ হ’ব পাৰে…

আদা স্বাস্থ্যকৰ আৰু ইচ্ছামতে খাব পাৰি বুলি ভবাটো ভুল। জোখতকৈ বেছি হ’লে প্ৰতিটো বস্তুৱে বিহ হয়। অফিচৰ পৰা উভতি অহাৰ পিছত আৰম্ভ হোৱা মূৰৰ বিষটো যেন আদাৰ চাহ একাপ শেষ কৰে। বহুতে আকৌ আদা আৰু মৌ নেমুৰ পানী খাই পেটৰ চৰ্বি কমায়। আদা শৰীৰৰ বাবে উপকাৰী। ৰন্ধা-বঢ়াই হওক বা চাহ খাই হওক, অলপ আদা থেতেলিয়াই সোৱাদটো ৰুচিকৰ কৰি তোলে। কিন্তু আদা প্ৰয়োজনতকৈ বেছি খোৱাৰ সমস্যা কি হ’ব পাৰে জানি লওক…

আদা খালে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিব পাৰি। আকৌ সেই আদা অতিৰিক্তভাৱে খালে বদহজম হব পাৰে। ইয়াৰ লগতে হৃদযন্ত্ৰ, পেট ফুলা, বদহজম আদি সমস্যাও হ’ব পাৰে।

এলাৰ্জীৰ সমস্যা থাকিলে আদা কমকৈ খোৱা ভাল। যিবোৰ উপাদান থাকে, সেইবোৰ উপকাৰী হ’লেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যিসকলৰ ছাল অতি সংবেদনশীল, অত্যধিক আদা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আদাই তেজ জমা হোৱাত বাধা দিয়ে। ফলত তেজৰ চলাচল ভাল হয়। হৃদৰোগৰ সম্ভাৱনাও কমি যায়। অৱশ্যে আদা বেছিকৈ খালে তেজ পাতল হৈ পৰে।

Related Articles