বৰক্ষেত্ৰীৰ ভাংনামাৰীত বন্যাৰ্তক সাহাৰ্য সমাজকৰ্মী চফেদুৰ ৰহমানৰ…

বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বানৰ সংহাৰীৰূপ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হৈ পৰিছে বৰক্ষেত্ৰীৰ ভাংনামাৰী অঞ্চল। ওখ ঠাইত অস্থায়ী শিৱিৰ স্থাপন কৰি গৰু, ম’হ, ছাগলীৰ সৈতে দিন পাৰ কৰিছে বানপীড়িত লোক সকলে। বানৰ কবলত পৰা অঞ্চলটোৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱা পানী, খাদ্য, পশু খাদ্যৰ তীব্ৰ সংকটে দেখা দিছে।

বান বিভীষিকাৰ মাজতে আৰ্তজনৰ কাষত থিয় দিছে চৰাঞ্চলৰ এজন সমাজকৰ্মী। চৰাঞ্চলৰ যুৱ সমাজকৰ্মী চফেদুৰ ৰহমান আৰু তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনে আজি ভাংনামাৰী অঞ্চলত বান পৰিস্থিতি পৰিদৰ্শন কৰে। বান পৰিদৰ্শন কৰি ব্যক্তিগত প্ৰচেষ্টাৰে যৎপৰোনাস্তি ঠাই বিশেষে কিছু সংখ্যক বান পীড়িত পৰিয়ালক খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী প্ৰদান কৰে যুৱ সমাজকৰ্মী চফেদুৰ আৰু তেওঁৰ পত্নীয়ে। বিশুদ্ধ খোৱা পানী,পশু খাদ্যকে ধৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই বানপীড়িত লোক সকলে।

Related Articles