টীয়কত পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ দ্বিতীয় বৰ্ষপূতি অনুষ্ঠিত…

অসম লেখিকা সমাজৰ পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসভাগি আজি টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উলহ মালহে উদযাপন কৰা হয়। অসম লেখিকা সমাজৰ শীৰ্ষ গীতৰ এটি কোৰাচেৰে আৰম্ভণি কৰা উক্ত অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মহা প্ৰৱন্ধক জয়শ্ৰী শইকীয়াই। তাৰ পাছতে বৰগীত পৰিবেশন কৰে শিল্পী ৰুনু বৰগোঁহায়ে। অসম লেখিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য তথা পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ সম্পাদক জুনুমণি গগৈয়ে আঁতধৰা তথা পূব যোৰহাট লেখিকা সমাজৰ সভাপতি নিৰ্মালী নেওগ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত যোৰহাট জিলা লেখিকা সমাজৰ সম্পাদিক বিশিষ্ট লেখিকা নীলাঞ্জনা পাচনি উদ্বোধক হিচাপে আৰু আমগুৰি আঞ্চলিক লেখিকা সমাজৰ সভাপতি মামু দুৱৰা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয় নাৰী সৱলীকৰণত মহিলা সংগঠনৰ ভূমিকা বিষয়ত সাৱলীল ভাষণ আগবঢ়ায়।

উক্ত অনুষ্ঠানত টীয়ক চিকেবি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনি,লক্ষ্মীপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক হৰেন শইকীয়া, অসম লেখিকা সমাজৰ প্ৰকাশন সচিব যোগমায়া সন্দিকৈ শইকীয়া, যোৰহাট জিলা লেখিকা সমাজৰ সভাপতি কবিতা গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।ইপিনে উক্ত সভাতে পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ উপসভাপতি কবি ৰুমী কাকতী বৰাৰ কাব্যগ্ৰন্থ ভেৰাকুটিৰ বন্দী জীৱনৰ শুভ উদ্বোধন কৰে বিশিষ্ট লেখক সমাজ সেৱক ড৹ পাপু কুমাৰ ঙাটেয়ে।উল্লেখযোগ্য যে সভাৰ মাজে মাজে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে সমগ্ৰ কাৰ্যসূচী অধিক জীপাল হৈ পৰে।উক্ত অনুষ্ঠানতে পূব যোৰহাট লেখিকা সমাজৰ সম্পাদকে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।

Related Articles