ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় মোদীয়ে…

শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে। শেহতীয়া নিৰ্বাচনী বিজয় আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নতুন ভূমিকা লোৱাৰ বাবে ষ্টাৰমাৰক অভিনন্দন জনায় মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, ষ্টাৰমাৰক আগতীয়াকৈ ভাৰত ভ্ৰমণৰ বাবেও মোদীয়ে আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি লগতে কয়। বিবৃতিত কোৱা হৈছে যে ব্ৰিটেইনৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উন্নয়নত ভাৰতীয় সম্প্ৰদায়ৰ ইতিবাচক অৱদানৰ শলাগ লৈ তেওঁলোকে জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কক অব্যাহত ৰাখিবলৈ সন্মত হয়।

Related Articles