অবিনাশক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ…

অবিনাশক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ। উৱলি যোৱা মৃতদেহ চাই কান্দোনত ভাগি পৰিছে মাতৃ। প্ৰায় তিনিদিনৰ মূৰত ৰাজগড়ৰ নলাত উদ্ধাৰ হ’ল অবিনাশ সৰকাৰৰ মৃতদেহ৷ পিতৃ-মাতৃয়ে চিনাক্ত কৰে পুত্ৰ অবিনাশৰ মৃতদেহ৷ উৱলি যোৱা অৱস্থাত নলাত উদ্ধাৰ হয় মৃতদেহটো৷

বৃপস্পতিবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতে চানমাৰিৰ জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত পিতৃৰ স্কুটিৰ পৰা নলাত পৰি পাহাৰৰ পৰা বৈ অহা পানীৰ সোঁতত উটি যায় অবিনাশ সৰকাৰ। অসহায় পিতৃয়ে নলা নৰ্দমাত বিছাৰি ফুৰিছিল নিজৰ শিশু পুত্ৰক।নোৱাৰিলে বচাব পুত্ৰক। অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ হ’ল অবিনাশ সৰকাৰৰ মৃতদেহ।

Related Articles