দৰঙত নিৰ্মাণ কৰিব ২৬ কিলোমিটাৰ মথাউৰি! মঙলদৈত বান পৰিস্থিতি পৰ্যৱেক্ষণ মন্ত্ৰী পীয়ূষ হাজৰিকা…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মঙলদৈত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী৷ ৰাজ্যত এই বৰ্ষত ২২০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিব জলসম্পদ বিভাগে৷ দৰঙতে নিৰ্মাণ কৰিব ২৬ কিলোমিটাৰ মথাউৰি৷ মঙলদৈ সমষ্টিৰ চেৰেঙৰ পৰা ৰঙামাটিলৈ ৬ কিলোমিটাৰ আৰু ছিপাঝাৰ সমষ্টিৰ দিমীলা নদীত নিৰ্মাণ কৰিব ৩০ কিলোমিটাৰ৷


দ্বিতীয় পৰ্যায়ত কালপানী নদীৰ মথাউৰি নিৰ্মাণ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ বান সাহাৰ্য নোপোৱা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে – যিহেতুকে মঙলদৈত দ্বিতীয় পৰ্যায়ৰ বানপানীত এটাও মথাউৰি চিঙা নাই তথাপি বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক চিনাক্ত কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰে৷ ইফালে মঙলদৈৰ গেৰিমাৰিত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা লোক নিৰ্মাণ বিভাগৰ পথ আৰু বন্যাৰ্তৰ ক্ষতিগ্ৰস্ত সা-সামগ্ৰীৰ বুজ লয় মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে৷

Related Articles