গোগামুখত বান পৰিস্থিতি সামান্য উন্নতিঃ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশত বিজেপি কৰ্মীয়ে এদিনতে সম্পূৰ্ণ কৰিলে কালভাৰ্ট নিৰ্মাণ…

ধেমাজি জিলাৰ গোগামুখত বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যাতায়াত তথা যোগাযোগ ব্যৱস্থা এতিয়াও উন্নতি ঘটা নাই৷ একাংশ গাঁৱৰ ৰাইজ এতিয়াও বানত আবদ্ধ হৈ থকাৰ লগতে শিশু খাদ্য আৰু পশুখাদ্যৰ অভাৱ এতিয়াও অব্যাহত আছে৷ ইপিনে শনিবাৰে নিশা ন-নদীৰ বানে সৰ্বেশ্বৰ বৰা(৬০) নামৰ এগৰাকী লোকক উটুৱাই নিয়ে আৰু কালি ৰাতিপুৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি গোগামুখ ৰাজহ চক্ৰ বিষয়া আৰু গোগামুখ আৰক্ষীক খবৰ দিয়ে৷ গোগামুখ ৰাজহ চক্ৰ বিষয়া অনামিকা গগৈৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজিলৈ প্ৰেৰণ কৰে৷ ঘটনাৰ বিৱৰণি মতে গোগামুখ ৰাজহ চক্ৰ তথা গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰ্বেশ্বৰ বৰা নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকজনে অন্য দিনাৰ দৰে কালি নিশাও দিনা হাজিৰা কৰি লামা তিনিআলি হৈ এৰাসুঁতি পথেৰে  ঘৰলৈ উভতি গৈছিল৷  কিন্তু ঘৰলৈ উভতাৰ পথত পথটোৰ ওপৰত বাগৰি থকা তীব্ৰ ঢৌৱে সৰ্বেশ্বৰ বৰাক উটুৱাই নিয়ে৷ 

ইপিনে অসম চৰকাৰৰ  মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কঠোৰ নিৰ্দেশত বিজেপি কৰ্মীয়ে একেদিনাই এটা কালভাৰ্ট নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে৷ জানিব পৰা ৫ জুলাইত মন্ত্ৰী ডাঃ পেগুৱে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানী-গৰাখহনীয়াগ্ৰস্থ অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছিল৷ ডাঃ পেগুৱে উক্ত দিনাই গোগামুখ ৰাজহ চক্ৰৰ মিংমাং পঞ্চায়তৰ অন্তৰ্গত পাৰ্বতীপুৰৰ নাহৰজান সুঁতিৰ গৰাখহনীয়া পৰিদৰ্শন কৰিছিল৷ নাহৰজান দলঙৰ পৰা লাহনচুকলৈ অহা-যোৱা কৰা পথটোৰ ওপৰত থকা পকী কালভাৰ্টটো নিম্ন মানৰ নিৰ্মাণ কাৰ্যৰ বাবে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিল৷ ডাঃ পেগুৱে উক্ত কালভাৰ্টটো এদিন বা দুদিনৰ ভিতৰতে হিউম পাইপেৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ তেওঁৰ লগত বান-গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ যোৱা বিজেপিা কৰ্মী-সদস্যসকলক কঠোৰ নিৰ্দেশ দিছিল আৰু এই কালভাৰ্ট নিৰ্মাণৰ বাবে চৰকাৰী আঁচনিলৈ বাট নাচাবলৈ সকীয়াই  দিছিল৷ ডাঃ পেগুৰ নিৰ্দেশ পাই বিজেপিৰ যুৱ মৰ্চাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পুলক চুতীয়া নেতৃত্বত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰী আৰু বিজেপিৰ গোগামুখ মণ্ডলৰ সম্পাদক দুলেন পেগুৰ সহযোগত শনিবাৰে বিয়লি কালভাৰ্ট নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে ৷

Related Articles