ধুবুৰী পৌৰসভাৰ উদ্যোগত ধুবুৰী চহৰৰ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লোৱা ১৬ টা ওৱাৰ্ডৰ ৪০ টা আশ্ৰয় শিবিৰত সাহায্য বিতৰণ…

ধুবুৰী পৌৰসভাৰ উদ্দোগত চহৰৰ ১৬ টা ওৱাৰ্ডৰ ৪০ টা আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ বাবে যোৱা নিশাৰ পৰা ধুবুৰী পৌৰসভাৰ পৌৰপতি ড: দেৱময় সান্যালৰ নিৰ্দেশত পৌৰসভাৰ সকলো ওৱাৰ্ডৰ কমিছনাৰ, কৰ্মী সকলে সাহায্য বিতৰণ আৰম্ভ কৰিছে। ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাৰ নেতৃত্বত ধুবুৰী চহৰৰ ধুবুৰী গাৰ্লছ হাই চেকেন্ডাৰী, হৰিজন কলনি,ই,এন,ডি অফিচ, সন্তোষী মাতা মন্দিৰ, মিউনিচিপ্যাল হাইস্কুলসহ মুঠ ৪০ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰতি জন ৰাইজৰ বাবে ৬০০ গ্ৰাম চাউল, ১০০ ‌গ্ৰাম ডালি,৩০ গ্ৰাম কৈ নিমখ বিতৰণ কৰা হয়্।

পৌৰসভাৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাৰ লগতে বিভিন্ন ওৱাৰ্ডৰ কমিছনাৰ, সমাজ সেৱক, পৌৰ কৰ্মচাৰী উপস্থিত থাকে।
ধুবুৰী পৌৰসভাৰ এই কাৰ্যসূচী স্বয়ং জিলা আয়ুক্ত দিবাকৰ নাথে তদাৰক কৰে বুলি জানিবলৈ দিয়ে।

Related Articles