দক্ষিণ কামৰূপৰ বানাক্ৰান্ত শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে মেজিক বাছে গ্ৰহণ কৰা পদক্ষেপক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা…

ৰাজ্যৰ আন বহু জিলাৰ লগতে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নহিৰা- গুইমাৰা অঞ্চলৰ এক বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰাত তাত প্ৰশাসনৰ ফালৰ পৰা বানাক্রান্ত লোকসকলৰ থকা-মেলাৰ সুবিধাৰ বাবে নহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। আনহাতে দেওবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি ৰাইজৰ দুখ – দুৰ্দশাৰ বুজ লয়। মুখ্যমন্ত্ৰীক সংগ দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্ত্তি জল্লীকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলে।

আনহাতে শিবিৰত বানাক্ৰান্ত শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংগঠন “মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে” গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে। তেঁও শিশু সকলৰ সৈতে মত-বিনিময় কৰাৰ লগত মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা উৎপল দাসৰ পৰা শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে লোৱা ব্যৱস্থাবলীৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বানপানীৰ সময়ত শিশুৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে মেজিক বাছৰ শলাগ লৈ ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে শিবিৰত থকা প্ৰায় ৪০ টা শিশুক বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে খেল-ধেমালিৰ মাধ্যমেৰে মেজিক বাছ নামৰ সংগঠনটোৱে ব্যস্ত কৰি ৰাখিছে। সমান্তৰালভাৱে শিশু সকলক মেজিক বাছৰ ফালৰ পৰা শিক্ষাদানো কৰি অহা হৈছে। যাৰ বাবে বানাক্ৰান্ত ৰাইজেও দুখৰ মাজতো মেজিক বাছৰ চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।

Related Articles