Breaking

কামৰূপ মহানগৰ জিলাৰ বানাক্ৰান্তলৈ লায়ন্স ক্লাৱ অফ গুৱাহাটীৰ সাহায্য…

0 25

ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ, ডিমৰীয়া, চন্দ্ৰপুৰ, জাৰিকুছি জুবৈ আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে কলং নৈৰ বাঢ়নি পানীৰ বাবে কেবা শতাধিক পৰিয়াল বানৰ কবলত পৰিছে। যাৰ বাবে বানাক্ৰান্ত লোকক কিঞ্চিত সহায়ৰ বাবে আগবাঢ়ি আহিছে সামাজিক সংগঠন লায়ন্স ক্লাৱ অফ গুৱাহাটী। সংগঠনটোৱে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে বানাক্ৰান্ত অঞ্চল সমূহৰ প্ৰায় দুই হাজাৰ লোকৰ মাজত বিস্কুট, চিৰা, মুৰী, গুৰ, মমবাতি, পানীৰ বটল আৰু জুইশলা বিতৰণ কৰে।

বানাক্ৰান্ত ৰাইজক সামগ্ৰী সমূহ বিতৰণ কৰে ক্ৰমে-অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে, লায়ন্স ক্লাৱ অফ গুৱাহাটীৰ সভাপতি বিকাশ শৰ্মা, সচিব প্ৰধান সুনীল আগৰৱালা, প্ৰকল্প সঞ্চালক মাণিক আগৰৱালাকে ধৰি কেবাজনো কৰ্মকৰ্তাই। সাহায্য সামগ্ৰীখিনীয়ে বানাক্ৰান্ত লোকক অলপ হ’লেও সহায় কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে বিতৰণ কাৰ্যসূচীত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে জ্যেষ্ঠ নাগৰিক সকলক একোখনকৈ গামোচা পিন্ধাই আশীৰ্বাদ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.