Breaking

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

0 2,027

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ ৰাজ্যখনত ছমাহলৈ বৃদ্ধি কৰা হৈছে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ ম্যাদ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই নিৰ্দেশনা প্ৰকাশ কৰে ৷ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পীয়ুষ গোৱেলে এই অধিসূচনা জাৰি কৰে ৷ সেই অনুসৰি, 30 ডিচেম্বৰ 2020ৰ পৰা বলৱৎ হোৱাকৈ এই অধিসূচনা জাৰি কৰা হৈছে ৷ অধিসূচনাত নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে আৰু নাগৰিক প্ৰশাসনৰ সহায় হোৱাকৈ এইদৰে আইনখনৰ ম্যাদ বৃদ্ধি কৰা হয় বুলি কোৱা হৈছে ৷

উল্লেখ্য যে, নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ খাপলাং গোটে শেহতীয়াকৈ শান্তি আলোচনালৈ অহাৰ কথা ব্যক্ত কৰিছিল ৷ নিকী চুমী নেতৃত্বাধীন গোটটোৱে নাগালেণ্ডৰ স্বেচ্ছাসেৱী সংগঠন, সাধাৰণ জনতা আৰু আলোচনাপন্থী বিদ্ৰোহী সংগঠনসমূহ লগতে নাগা শান্তি চুক্তিৰ প্ৰতি সমৰ্থন জনাই শান্তি আলোচনালৈ অহা কথা ব্যক্তি কৰি যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই নিকী চুমীৰ বিৰুদ্ধে 2015ৰ মনিপুৰৰ চাণ্ডেল জিলাত ভাৰতীয় সেনাৰ ডোগ্ৰা আৰু বিহাৰ ৰেজিমেন্টৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই আক্ৰমণত ভাৰতীয় সেনাৰ দুয়োটা ৰেজিমেন্টৰ 18 গৰাকী জোৱান শ্বহীদ হৈছিল ৷

Leave A Reply

Your email address will not be published.