৪১ বছৰৰ পিচত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিবঃ ৰাছিয়াৰ পিচত অষ্ট্ৰিয়ালৈ যাব প্ৰধানমন্ত্ৰী মোদী…

৮ জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব।ৰাছিয়া ভ্ৰমণৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ৯জুলাইত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব।তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদী হ’ব প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে ৪১ বছৰৰ অন্তত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ চেন্সেলৰৰ আমন্ত্ৰণ ৰক্ষা কৰি এই দুদিনীয়া ভ্ৰমণ কৰিব।এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ হ’ব। বৈদেশিক সচিব বিনয় কোৱা ট্ৰাই কয় যে এই সময়ছোৱাত তেওঁ অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব।

তেওঁ দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰিব। এই সন্দৰ্ভত দুয়োখন দেশৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতেও তেওঁ বৈঠকত মিলিত হ’ব। একে সময়তে প্ৰধানমন্ত্ৰী মোদীৰ অষ্ট্ৰিয়া ভ্ৰমণ সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ সচিব তথা ৰাষ্ট্ৰদূত পৱন কাপুৰে কয় যে অষ্ট্ৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট শক্তিশালী হৈ আছে। এইবাৰ ভাৰতৰ মনোযোগ উদ্ভাৱন আৰু প্ৰযুক্তিৰ ওপৰত অধিক হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ আৰু ১৯৮৩ চনত অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিল। একে সময়তে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱেও ১৯৫৫ চনত দেশখন ভ্ৰমণ কৰিছিল।১৯৯৯ চনৰ নৱেম্বৰ মাহত, তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে অষ্ট্ৰিয়ালৈ তেওঁৰ প্ৰথম ৰাজ্যিক ভ্ৰমণ কৰে আৰু তাৰ পিচত ২০১১ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলেও দেশখন ভ্ৰমণ কৰিছিল।

Related Articles