ৰবৰ খেতি সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পিযুষ গোৱলৰে অসমৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ পৰ্যালোচনা বৈঠক


গুৱাহাটী,৮জুলাই: অসমৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ৰবৰ খেতি সন্দৰ্ভত ইটানগৰত আজি অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ।


কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনত মন্তব্য আগবঢ়াই উদ্যোগ মন্ত্ৰী বড়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ খেতিৰ বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰাৰ লগতে ৰবৰ উৎপাদনৰ দিশত অসম এক অগ্ৰণী ৰাজ্য হিচাপেও পৰিগণিত হোৱাৰ যথেষ্ট থল থকা বুলিও কয়।

উল্লেখ্য যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ২৪-২৫ আৰু ২৫-২৬ ৰ বিত্তীয় বৰ্ষৰ বাবে ৰবৰ খণ্ডলৈ আগবঢ়োৱা বিত্তীয় সাহায্য ২৩% বৃদ্ধিৰে ৭০৮.৬৯ কোটি টকা ধাৰ্য কৰিছে।

কেন্দ্ৰীয় ৰবৰ বোৰ্ডৰ পৰ্যালোচনা বৈঠকত অৱগত কৰা হয় যে আগন্তুক দুটাবছৰত ৰবৰ খেতিয়কসকলৰ সৱলীকৰণৰ বাবে ২৫০ খন ‘ৰবৰ উৎপাদক সমিতি’ গঠন কৰা হ’ব। ইয়াৰ বাবে সাহায্যৰ পৰিমাণ তিনি হাজাৰ টকাৰ পৰা পাচ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ই কৃষক শিক্ষা, আলোচনাচক্ৰ, গোট সভা, সামৰ্থ্য বৰ্দ্ধন কাৰ্যকলাপ, ‘এক্সপোজাৰ ভিজিট’, ‘মডেল ফাৰ্ম’ আৰু অন্যান্য কাৰ্যকলাপত অংশীদাৰসকলক সামগ্ৰিকভাবে লাভবান্বিত কৰাত সহায় কৰিব।লগতে অ-পৰম্পৰাগত এলেকা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ১৪৫০টা কৃষক গোট গঠনত ৰবৰ বৰ্ডে সহায় আগবঢ়াব।‘ৰবৰ উৎপাদক সমিতি’সমূহত ৰবৰ খেতিয়ক সকলক একত্ৰিত কৰিলে উৎপাদকসকলে উৎপাদিত ৰবৰৰ মূল্যৰ হাৰ উন্নত কৰাত সহায়ক হ’ব।


ৰবৰ খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত অসমত সৰ্বাধিক ৬১,৭১৬ হেক্টৰ ভূমিত কৰা ৰবৰ খেতিৰ পৰা বছৰি ৫৮,৩৫৯ মেট্ৰিক টন ৰবৰ উৎপাদিত হয় বুলি ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই পৰ্যালোচনা বৈঠকত উল্লেখ কৰে।


মন কৰিবলগীয়া যে ৰবৰ বৰ্ড আৰু ৰবৰ ব্যবহাৰ কৰা উদ্যোগ সমূহৰ মাজত হাতত লোৱা এন ই মিত্ৰ আচনি খনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত ৰবৰ খেতিয়ে ব্যাপক প্ৰসাৰ লাভ কৰিছে।
এই পৰ্যালোচনা বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা কাণ্ডে, উদ্যোগ মন্ত্ৰী নাটু ডুকাম, ৰবৰ বৰ্ডৰ কাৰ্যবাহী সঞ্চালক এম বসন্তগেচন, ৰবৰ বিশেষজ্ঞ চালায় ধননীয়াকে ধৰি উদ্যোগ বিভাগৰ উচ্চ পদস্থ বিষয়া সকলো উপস্থিত আছিল।

Related Articles