বানাক্ৰান্ত ৰাইজৰ মাজত অগপৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ খাদ্য সামগ্ৰী বিতৰণ

গুৱাহাটী ,৮ জুলাই : অগপৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত অগপৰ পলাশবাৰী বিধান পৰিষদ আৰু জিলিঙণিৰ সহযোগত আজি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত পশ্চিম গুৱাহাটীৰ গাতে লগা পলাশবাৰী সমষ্টিৰ নহিৰা হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ১৭০ টা পৰিয়ালক চাউল,দালি, চাবোন,হালধী,নিমখ,গাখীৰ,আলু,বিস্কুট, মেগী, খোৱাপানীকে ধৰি নিত্য ব্যৱহাৰ্য আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ নেতৃত্বত এটি সজাতি দলে বানপীড়িত অঞ্চল সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ দুখ – দুৰ্দশাৰ বুজ লয় ।

বিতৰণ কাৰ্য্যসূচীত পলাশবাৰী বিধান পৰিষদৰ সহ সম্পাদক বিনয় কলিতা,নহিৰা অঞ্চলিকৰ সম্পাদক হৰকান্ত দাস,অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামী,মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিত গোস্বামী , জিতু দাস, ভাৰ্গব শৰ্মা,জাভেদ আলি,ঘনশ্যাম মেহতো, বলৰাম মহন্ত,জিলিঙণিৰ সম্পাদক মনীশ গৌতম, পৰাগ অধিকাৰীকে ধৰি বহু যুৱ কৰ্মীয়ে উপস্থিত থাকি সহযোগিতা আগবঢ়াইছিল ।

Related Articles