Breaking

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সম্পন্ন…

0 113

প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীক বিশেষ সন্মান প্ৰদান

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন কমলাবাৰীস্থ মাজুলী মিলন সংঘৰ প্ৰেক্ষাগৃহত ১৩ আৰু ১৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ক্ৰমে গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ কলিতাই, মূল পতাকা উত্তোলন কৰে মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰশান্ত বৰাই আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ভূৱন ৰাজখোৱাই। সন্মিলনীৰ প্ৰাক্তন সভাপতি সুনীল হাজৰিকাই স্মৃতি তৰ্পণ কৰাৰ পিছতে মাজুলীৰ বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুইজ-চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়া সুভদ্ৰা বৰা শইকীয়াই।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰথমে মাজুলী জিলাৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী প্ৰতিনিধিৰ অংশগ্ৰহণত ‘বিষয় বাচনি সভা’ অনুষ্ঠিত কৰা হয়।

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক বাবুল শইকীয়া আৰু প্ৰচাৰ সম্পাদক ৰাজীৱ কমল শইকীয়াই আঁত ধৰা আৰু কেন্দ্ৰীয় সমিতিৰ পৰা পৰ্যবেক্ষক ৰূপে উপস্থিত থকা জ্যোতি প্ৰসাদ বৰুৱাৰ পৰ্যবেক্ষণত বিজিত হাজৰিকাক সভাপতি (বিনা প্ৰতিদ্বন্দিতাৰে), ৰাজু ৰাজখোৱাক (মহিলা) উপ-সভাপতি, বাবুল শইকীয়াক সম্পাদক (বিনা প্ৰতিদ্বন্দিতাৰে), দেৱাশীষ মিশ্ৰক সহকাৰী সম্পাদক, জ্যোতিপ্ৰকাশ হাজৰিকাক কাৰ্যালয় সম্পাদক, দিলীপ গাম, অমৰজ্যোতি সাতোলা, ৰাজীৱ কমল শইকীয়াক (বিনা প্ৰতিদ্বন্দিতাৰে) ৰাজ্যিক সদস্য, মণিষা দত্তক ৰাজ্যিক সদস্যা, ৰঞ্জুমণি দাসক ৰাজ্যিক মহিলা প্ৰতিনিধি, পবিত্ৰ ফুকনক কোষাধ্যক্ষ, পবিত্ৰ মেধি আৰু পৰেশ বৰাক হিচাব পৰীক্ষক ৰূপে নিৰ্বাচিত কৰি এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে দ্বিতীয় কাৰ্যসূচী অনুসৰি মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰশান্ত বৰাৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা ‘মুকলি সভা’ৰ শুভ উদ্বোধন কৰে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি নৱকান্ত নাথে।

মুকলি সভাত অংশগ্ৰহণ কৰা বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়াক সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এই আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ একাধিক বঁটা লাভ কৰি মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌষ্ঠৱ বৰ্দ্ধনত সবল ভূমিকা গ্ৰহণ কৰা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীক শৰাই-সঁফুৰা, গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে উদযাপন সমিতিৰ সভাপতি ভুৱন ৰাজখোৱা, সম্পাদকদ্বয় জ্যোতিপ্ৰকাশ হাজৰিকা আৰু দেৱজিৎ শইকীয়াই বিশেষ সন্মান প্ৰদান কৰে। উক্ত সভাৰ আৰম্ভণিতে অনুপ্ৰভা দেৱী, মণীষা দত্ত, ইমন দত্ত, পলি হাজৰিকা, পিংকী ভৰালী, গীতাশ্ৰী কলিতা, ৰীতা বৰা, ৰশ্মি ৰেখা হাজৰিকা, ৰঞ্জুমণি দাস, ৰাজু ৰাজখোৱা, পূৰ্ণিমা শইকীয়া, প্ৰিয়ংকা নেওগ, মাইনু ভৰালী, জাহ্নু মিশ্ৰ, ভাগ্যশ্ৰী ভূঞা প্ৰমুখ্যে দহগৰাকীৰো অধিক সন্মিলনীৰ শিক্ষয়িত্ৰী-শিল্পী আৰু ইন্দ্ৰজিৎ বিশ্বাসৰ বাদ্য-যন্ত্ৰ সংগতকাৰী দলে পৰিৱেশন কৰা সমৱেত সংগীতে সভাখনক অনন্য মাত্ৰা প্ৰদান কৰে ।।

Leave A Reply

Your email address will not be published.