Breaking

সাত সাগৰ তেৰ নদী পাৰ হৈ তেজপুৰৰ বোৱাৰী হ’ল মেকডালিনা…

0 72

সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ পোলেণ্ডৰ পৰা আহি পাইছে এগৰাকী সুন্দৰী যুৱতী৷ নাম মেকডালিনা৷ মাতৃ-ভগ্নী আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে আহিছে অসমলৈ৷ কাৰণ মেকডালিনাৰ বিয়া৷ দৰা তেজপুৰ কেতেকী বাৰীৰ ললিত চন্দ্ৰ দাস আৰু ৰিণিমাই দাসৰ পুত্ৰ জিষ্ণুপ্ৰতীম দাস৷ফেচবুকৰ জৰিয়তে চিনাকী হোৱা জিষ্ণু-মেকডালিনাৰ প্ৰেমৰ সম্পৰ্কই ইতিমধ্যে ১২ বছৰ অতিক্ৰম কৰিলে৷

অৱশেষত দুয়োৰে জীৱনলৈ আহিল বহু প্ৰতিক্ষিত বিশেষ দিনটো৷ মংগলবাৰে নিশা গাঁৱৰ ৰাইজৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ গ’ল দুয়োৰে বিয়া৷ হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু অসমীয়া পৰম্পৰাগত বৈবাহিক নীতিৰে সম্পন্ন হয় এই বিবাহ৷ আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰিত হ’ল পৰিৱেশ পুৰুহিতৰ মন্ত্ৰো চাৰণেৰে অনুষ্ঠিত বিয়াত অগ্নিক সাক্ষী কৰি দুয়োয়ে যেন পাতনি মেলিছে যুগ্ম জীৱনৰ৷ ভমকাফুলীয়া চাদৰ-মেখেলা আৰু অসমীয়া গহণাৰে সাইলাখ অসমীয়া কইনাৰ ৰূপত এয়া মেকডালিনা৷ দেহত মাহ-হালধি আৰু জেতুকাৰ গোন্ধ৷সম্পূৰ্ণ পৰম্পৰাগত মাংগলিক ৰীতিনীতিৰে অনুষ্ঠিত এই বিয়াই বিশেষ চৰ্চা লাভ কৰিছে তেজপুৰত।গঞাঁ, ডেকা-জীয়াৰি, বোৱাৰীৰ বিহু নৃত্য গীতৰ আনন্দৰে হৈ যায় এইবিশেষ বিবাহ খন পেশাত এগৰাকী Computer scienceৰ শিক্ষয়িত্ৰী Magdalena আৰু PWDৰ কনিষ্ঠ অভিযন্তা জিস্ঞুপ্ৰতীম দাসৰ হৈ যোৱা বিবাহৰ অহা ১৯জুলাই বিশেষ অতিথি অভ্যৰ্থনাৰ আয়োজন কৰিছে পৰিয়ালপক্ষই৷


য’ত উপস্থিত থাকিব কইনাৰ মাক বন্ধু আৰু সুদৰ পোলেণ্ডৰ পৰা অহা সখীয়েকো৷ দুয়োৰে সুখৰ হওক যুগ্ম জীৱন৷

Leave A Reply

Your email address will not be published.