Breaking

মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিকসকল বন্যাতৰ কাষত উপস্থিত হৈ আগবঢ়ালে সাহাৰ্য…

0 26


মৰিয়নিৰ সংবাদ সেৱাৰ লগত জড়িত সাংবাদিক সকলৰ ঐক্য মঞ্চ মৰিয়নি প্ৰেছ ক্লাব বন্যাতৰ কাষত উপস্থিত হৈ সাহাৰ্য্য আগবঢাই।পূৰ্বৰ টীয়ক সমষ্টি তথা নতুনকৈ মৰিয়নি সমষ্টিত অন্তৰ্ভূক্ত হোৱা মোকালনি, ঘোঁৰা চৰা পথাৰ আৰু ঔগুৰিত মৰিয়নিৰ সাংবাদিকৰ দলটোৱে বন্যাতৰ মাজত বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰন কৰে।

এশটাৰো অধিক বানপীড়িত পৰিয়ালক সাংবাদিকৰ দলটোৱে খাদ্য সামগ্ৰীৰ টোপোলাৰ উপৰি বিশুদ্ধ খোৱা পানীৰ বটল, ফেনাইল,ব্লিচিংপাউদাৰ, ঔষধ আৰু কাপোৰ প্ৰদান কৰে।মৰিয়নিৰ জেষ্ঠ সাংবাদিক দিপক দত্তৰ নেতৃত্বত যোৱা সাংবাদিকৰ দলটোত সাংবাদিক জ্যোতি প্ৰসাদ গগৈ, জুনটু তাঁতী, গৌৰৱ চুতীয়া,কৃষ্ণ প্ৰশাদ শৰ্মা,

এচাও পানতাঁতী আৰু উত্তম দাসৰ লগতে মৰিয়নি সমাজকৰ্মী বিদ্যুৎ হাজৰিকা উপস্থিত থাকি বানপীড়ত সকলক সাহাৰ্য আগবঢ়ায়।আনহাতে ঔগুৰি অঞ্চলৰ সাংবাদিক তথা সমাজকৰ্মী দ্বীপজ্যোতি শইকীয়া লগতে স্থানীয় গাঁওপ্ৰধান, ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে মৰিয়নি প্ৰেছ ক্লাবৰ সদস্য সকলক সহযোগিতা আগবঢ়াই। মৰিয়নিৰ পৰা কৃষ্ণ প্ৰশাদ শৰ্মাৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.