গোগামুখৰ মিংমাং জলপ্ৰপাতত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশঃ দুয়োগৰাকী যুৱকৰে নিশ্চিত মৃত্যুৰ আশংকা
দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ জুলাইঃ
ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমান্তবৰ্ত্তী তথা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত মিংমাং ৰূপহী জলপ্ৰপাতত পুনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ জলপ্ৰপাতটোত গা ধুবলৈ গৈ দুগৰাকী যুৱক নিৰুদ্দেশ হৈছে আৰু দুয়োগৰাকীৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণি মতে আজি পুৱা ৯ বজাত ছয়-সাতজনীয়া দল এটা মিংমাং ৰূপহী জলপ্ৰপাতত গা ধুবলৈ ৰাওনা হৈছিল ৷
১০ বজাত যুৱকৰ দলটোৱে জলপ্ৰপাতত উপস্থিত হৈ গা ধুবলৈ আৰম্ভ কৰাই নহয় সুউচ্চ পাহাৰৰ পৰা নামি অহা জলপ্ৰপাত ওখ গৰাৰ পৰা জলপ্ৰপাতটোৰ তলৰ নদী সদৃশ নিম্নাংশলৈ জপিয়াই গা ধুবলৈ আৰম্ভ কৰিছিল ৷ এনেদৰে জপিয়াই থাকোঁতে লংলেট চাউলা নামৰ যুৱক জনো জাঁপ মাৰে ৷ বহু সময়লৈ জলপ্ৰপাতৰ নিম্লাংশৰ পৰা জলপ্ৰপাতটোৰ থিয় গৰাটোলৈ উভতি নহাত সন্দেহ উপজি আন এগৰাকী যুৱক গোলাপ পেগুৱে সংগীজনক উদ্ধাৰ কৰিবলৈ জপিয়াই দিয়ে ৷ কিন্তু পাছত জপিওৱা গোলাপ পেগুৱ নামৰ যুৱকজনো ঘুৰি নহাত বাকী লগৰীয়াসকল আতংকিত হৈ পৰে আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে ৷
পৰিযালৰ লোকে স্থানীী দল-সংগঠনৰ লগত মিলি যুৱক দুজনক উদ্ধাৰৰ প্ৰচেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে এছ আৰ এফ দল লৈ ঘটনাস্থলীত উপস্থিত হৈছে যদিও যুৱক দুজনক এই বাতৰি যুগুত কৰালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ সন্ধানহীন যুৱক দুজনৰ এগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লংলেট লাউচা আৰু আনগৰাকী হৈছে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ তাজিক গাঁৱৰ ৷ স্থানী প্ৰত্যক্ষদৰ্শীয়ে দুয়োগৰাকী যুৱকে নিশ্চিত মৃত্যুক আকোঁৱালী লোৱা বুলি জানিবলৈ দিছে ৷ ইয়াৰ পূৰ্বেও উক্ত জলপ্ৰপাতটোত কেবাগৰাকী যুৱক মৃত্যুক আকোঁৱালী লৈছে ৷