ধুবুৰীৰ ফকিৰগঞ্জ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কালৰূপঃ ১৫ দিনৰ ভিতৰত গৰাখহনীয়াত জাহ গ’ল ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী…

ধুবুৰী জিলাৰ নৱ গঠিত বিৰশিং জৰুৱা সমষ্টিৰ ফকিৰগঞ্জ নস্কৰা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ মাজতে হাহাকাৰ কৰিবলগা হৈছে খহনীয়াগ্ৰস্থ লোক সকলে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিমিষতে প্ৰায় ৩০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী উঠুৱাই নিবলৈ ধৰে। স্থানীয় ৰাইজে পৰিয়াল কেইটাৰ ঘৰবাৰী স্থানান্তৰ কৰে যদিও কেবাটাও পৰিয়ালৰ ঘৰ-বাৰী পানীত বুৰ যায়।

যাৰবাবে বাবে ঘৰবাৰী স্থানান্তৰ কৰিবলৈ নিশাৰ ভাগতে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। মনকৰিবলগীয়া যে দীৰ্ঘদিনৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা নদীত বাঁহৰ পাৰ্কুপাইন পেলাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও বাঁহৰ পাৰ্কুপাইনক উপলুঙা কৰি ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে মাজে সময়ে গৰাখহনীয়া অব্যাহত ৰাখিছে।ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ঠাই বিচাৰি ভূক্তভোগীয়ে আশ্ৰয় লব লগা হৈছে ৰাস্তাৰ কাষত।কিন্তু গৰাখহনীয়া কৱলিত ফকিৰগঞ্জ বৰাইবাৰীত ভয়ংকৰ গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত।স্থানীয় ৰাইজে জলসম্পদ বিভাগক কাতৰ অনুৰোধ জনালে অতি সোনকালে তাৎকালিন বাবে বাঁহ বৰিং কৰি গাঁৱখন যাতে খহনীয়াৰ পৰা ৰোধ হয় স্থানীয় ৰাইজে দাবি জনাইছে চৰকাৰক।

Related Articles