কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট প্ৰস্তাৱ (২০২৪-২৫) দাখিল কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমনে। অধ্যক্ষৰ চকীত ওম বিৰলা।

নিৰ্মলা সীতাৰমণে লগতে কয় যে চৰকাৰে দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু খাদ্য দানকাৰীক লক্ষ্য কৰি ল’ব। তেওঁ কয় যে বাজেট ভাষণৰ আৰম্ভণিতে চৰকাৰে এই প্ৰস্তাৱত ৯টা বিষয়ক অগ্ৰাধিকাৰ দিছে। সেইবোৰ হ’ল, কৃষি উৎপাদন আৰু কৃষিক্ষেত্ৰত স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা বিকাশ বৃদ্ধি, মানৱ মূলধন বৃদ্ধি আৰু সামাজিক ন্যায়, উদ্যোগ আৰু সেৱাৰ বৃদ্ধি, চাকৰি সৃষ্টি, নগৰ উন্নয়ন, শক্তি, আন্তঃগাঁথনি, গৱেষণা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংস্কাৰ।

উল্লেখ্য যে, বাজেট ভাষণ চলি থকাৰ সময়তে শ্বেয়াৰ বজাৰত হোৰাহোৰে পতন আৰম্ভ হয় আৰু বাজেট ভাষণ অন্ত পৰালৈকে চেঞ্চেক্সত এক হাজাৰ পইণ্ট পৰ্যন্ত হ্ৰাস পায়। সেইদৰেই নিফটি বজাৰ আৰম্ভ হোৱাৰ পৰা বাজেট ভাষণ অন্ত পৰালৈকে ২০০ ৰো অধিক পইণ্ট হ্ৰাস পায়।

শ্বেয়াৰ বজাৰত এনে পতনৰ মূলতে হৈছে বাজেট সম্পৰ্কে থকা ধাৰণা অসত্য প্ৰমাণ। এইবাৰ বাজেটত চৰকাৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰতি অধিক উদাৰতা আৰু জি এছ টি হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। কিন্তু বাজেটত দেখা গ’ল কেৱল সোণ, ৰূপকে ধৰি মাত্ৰ কেইপদমান সামগ্ৰী আৰু নিৰ্ধাৰিত ঔষধৰ মূল্য হ্ৰাসতে সীমাবদ্ধ থাকে।

বাজেটত এন ডি এৰ অংশীদাৰ ২ ৰাজ্যৰ বাবে বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। বিহাৰৰ উন্নয়নৰ বাবে ২৬ হাজাৰ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বাবেও ৫০ হাজাৰ কোটিৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণা কৰা হৈছে।

Related Articles