গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা…

গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুচিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূৱ গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজ। পুৱ গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰন কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত জাহ গৈছে শ শ বিঘা কৃষি ভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমলা বিষয়াৰ।চপৰা চপৰেকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলত আতঙ্কত নিদ্ৰাহৰণ হৈছে গাঁৱবাসীৰ।পুৱ গাইখোৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে গংগাধৰ নৈয়ে।

যোৱা বছৰ জল সম্পদ বিভাগে চিমেণ্টৰ পাৰ্কুপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞান সন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁৱবাসীয়ে।.জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰকুপাইনৰ বাবে চৰকাৰে কেইবালক্ষ্যাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমলা বিষয়াৰ ময়মতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Related Articles