ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ…

ছেপ্তেম্বৰ মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ভাৰতীয় মাংস বিজ্ঞান সংস্থাৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ টেকনিকেল শাখাত সভাপতিত্ব কৰিবৰ বাবে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকাক আমন্ত্ৰণ জনাইছে৷ উত্তৰ প্ৰদেশৰ মথুৰাত অৱস্থিত দীনদয়াল উপাধ্যায় পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ‘Green and Sustainable Meat Sector: Global Game Changer’ শীৰ্ষক আলোচনা চক্ৰৰ সভাপতিত্ব কৰিব ড° হাজৰিকাই৷ ২০২২ চনত ড° হাজৰিকাক বিশেষ অৱদানৰ বাবে  এই সংস্থাই  জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে৷

উল্লেখযোগ্য যে পশু চিকিৎসা বিজ্ঞানৰ অধ্যাপনা আৰু গৱেষণাৰ উপৰিও ড° হাজৰিকাই নিজকে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত কৰি আহিছে ৷ ইয়াৰ ভিতৰত চচল শতদল শাখা সাহিত্য সভা, বৃহত্তৰ চচল জেষ্ঠ নাগৰিক সন্মিলন, ওপৰ চছল বিহু সন্মিলন, সামাজিক সংগঠন সুৰক্ষা আৰু লোকতীৰ্থ দাতব্য ন্যাসৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে৷

 

Related Articles