গোগামুখৰ মহৰিকেম্পত স্বাধীনতা দিৱসৰ আয়োজনঃ ক্ৰীড়া-সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত হ’ব ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প…

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস বিগত বৰ্ষবোৰৰ দৰে এইবছৰো গোগমুখ মহৰিকেম্পত অনুষ্ঠিত হ’ব৷ মহৰিকেম্প স্পৰ্টছ এছ’চিয়েছনৰ উদ্যোগত আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমিতিৰ যৌথ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা উক্ত স্বাধীনতা দিৱস সফল উদ্‌যাপনৰ বাবে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে৷ মণিকান্ত মিলি (দুনীয়া)ক সভাপতি, তানি মিলিক সম্পাদক হিচাপে লৈ মূল উদ্‌যাপন সমিতি গঠন কৰাৰ লগতে কেবাটাও উপসমিতি গঠন কৰা হৈছে৷ উদযাপন সমিতিয়ে জনোৱা মতে ফুটবল, ভলীবল, কাবাডী, বেডমিন্টন আদি ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব৷

ফুটবল প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমাণি ২ লাখ টকা৷ ভলীবল ল’ৰা শাখাৰ মুঠ পুৰস্কাৰ ৪০ হাজাৰ আৰু ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ৩ হাজাৰ টকা৷ কাবাডী খেলৰ ছোৱালী শাখাৰ মুঠ পুৰস্কাৰ ২৫ হাজাৰ টকা৷ একেদৰে বেডমিণ্টন অনুৰ্ধ্ব ১৬ বছৰ বয়সৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ, মুকলি শাখাৰ মুঠ পুৰস্কাৰ ১৮ হাজাৰ আৰু ৪০ বছৰ ওপৰৰ মুঠ পুৰস্কাৰ ৯ হাজাৰ টকা৷ প্ৰতিযোগিতাসমূহত অংশ ল’বলগা খেলুৱৈ তথা দলসমূহক ক্ৰীড়া সম্পাদক জে কে কাৰ্ডঙৰ লগত ৮৬৩৮৭৮২১৫৮ নম্বৰত আগতীয়াকৈ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ মহৰিকেম্প স্পৰ্ট এছ’চিয়েছনৰ সভাপতি ৰমেশ পেগু, কাৰ্যকৰী সভাপতি দেবানন্দ বড়া আৰু সম্পাদক কমল পেগুৱে স্বাধীনতা দিৱসত সকলো ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব বুলিও জানিবলৈ দিছে৷

Related Articles