পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী, ঝাৰখণ্ড-মিজোৰামৰ ছোৱালীৰ জয়লাভ…

ঝাৰখণ্ড আৰু মিজোৰামৰ ছোৱালী দলে গুৱাহাটীত চলি থকা দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ শুক্ৰবাৰে তৃতীয় দিনৰ খেলত জয়লাভ কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰিছে৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ দিনটোৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ মহিলা দলে মনিপুৰৰ বিৰুদ্ধে প্ৰথমে এগলত পিছ পৰাৰ পাছতো শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷

ইফালে, ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ছোৱালীৰ দ্বিতীয়খন মেচত মিজোৰামে ১৭-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে অসমক৷ উল্লেখ্য যে অসমৰ ছোৱালী দলটো ইয়াৰপূৰ্বে গ্ৰুপৰ প্ৰথমখন মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে ১৭-০ গলত পৰাস্ত হৈছিল৷ অসমৰ ল’ৰাৰ দলটোৱে ইতিমধ্যে খেলা দুখন মেচত ব্যৰ্থতাৰ সন্মুখীন হৈছে৷ ওডিছাৰ বিৰুদ্ধে ১৯-১ গ’লৰ ব্যৱধানত পৰাস্ত হোৱা অসমে ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী দিনা প্ৰথম মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে অসম ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল৷

উল্লেখ্য যে আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰা আঠদিনীয়া প্ৰতিযোগিতাখন সামৰণি পৰিব অহা ৩১ জুলাইত৷ ল’ৰা-ছোৱালী উভয় শাখাতে সাতটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমিফাইনেল খেলিব৷

Related Articles